পুৱা 7 বজাৰ শীৰ্ষ বাতৰিসমূহ-
ভাল খবৰঃ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে "আনলক- 1" ৰ নিয়মাৱলী
দেশজুৰি বাহাল থকা চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিছে "আনলক- 1" ৰ নতুন নিয়মাৱলী ৷ অহা 1 জুনৰ পৰা কাৰ্যকৰী হৈ 30 জুনলৈকে বাহাল থাকিব "আনলক- 1" ৷ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে "আনলক- 1"ৰ বাবে কিছু নিয়মাৱলী ৷
COVID19ৰ ভেকচিনক লৈ এতিয়াও অনিশ্চয়তা আছোঁঃ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা
গোলাঘাট জিলাত হঠাৎ কৰ'ণাত আক্ৰান্ত ৰোগী বৃদ্ধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে চেন্নাইৰ পৰা অহা লোকৰ শৰীৰত কৰ'ণা ভাইৰাছৰ উপস্থিতি আছিল বাবেই গোলাঘাটত কৰ'ণাত আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাৰ কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বয়োজ্যেষ্ঠ লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ কৈ COVID19ৰ ভেকচিনক লৈ এতিয়াও চৰকাৰ অনিশ্চয়তাত থকা বুলিহে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে ৷
MMCHৰ পৰা ১১ গৰাকী কৰ'ণা সুস্থ লোকক ৰিলিজ
শনিবাৰে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় সুস্থ হোৱা 11জন কৰ'ণা ৰোগী ৷ ইয়াৰে মৰিগাঁৱৰ 1জন, কামৰূপ গ্ৰাম্য 5জন, কামৰূপ মহানগৰৰ 2জন, নগাঁৱৰ 2জন আৰু কাৰ্বি আংলঙৰ এজন লোক সুস্থ হৈ উঠিছে । বৰ্তমানলৈ 147 গৰাকী কৰ'ণা আক্ৰান্ত সুস্থ লোকক ৰিলিজ দিয়া হৈছে হাস্পতালখনৰ পৰা । অহা দুই এদিনতে আৰু 10-15 গৰাকীক ৰিলিজ কৰাৰ সম্ভাৱনা আছে ।
দিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে চৰকাৰে
দিহিং পাটকাইৰ সংলগ্ন চালেকি বনাঞ্চলত মুক্ত কয়লা খননক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এখন যৌথ সংবাদমেলত ভাগ লৈ মন্ত্ৰী দুগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন অংগীকাৰবদ্ধ যে কোনো মূল্যৰ বিনিময়তে বনাঞ্চল ধ্বংস কৰি কয়লা খনন চলাবলৈ দিয়া নহ'ব । গতিকে চালেকি বনাঞ্চলক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা দু:চিন্তাৰ কোনো কাৰণ নাই ।