অসম

assam

ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Oct 16, 2020, 6:52 PM IST

SI কেলংকাৰীৰ সন্দৰ্ভত বৰপেটাত CIDৰ অভিযান

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰী বৰপেটা উপস্থিত চি আই ডিৰ দল ৷

বিটিচিত বিপিএফ দলে লাভ কৰিব 'চিংগল ডিজিট' আসন: প্ৰমোদ বড়ো

বাক্সাত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি UPPLৰ সভাপতি প্ৰমোদ বড়োৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ হাগ্ৰাম মহিলাৰাকীক সমালোচনা সভাপতি গৰাকীৰ ৷

BTR চুক্তিৰ বিৰোধিতাৰে কোকৰাঝাৰত নতুন দল গঠন

শুকুৰবাৰে কোকৰাঝাৰ নিৰ্বাচনী ভৱনত আয়োজিত এক সভাত বড়ো সকলৰ প্ৰাক্তন নেতা আৰু বৌদ্ধিক মহ’লৰ লোক সকলৰ উপস্থিতিত দিনজৰাে কাৰ্যসূচীৰে আয়োজন কৰা সভাখনতে জন্ম দিয়ে এই সংগঠনটো ৷

অৰুণোদয় আঁচনিৰ অনিয়মৰ তদন্ত বিচাৰি নলবাৰীত প্ৰতিবাদ

নলবাৰীত প্ৰতিবাদ ৷ অৰুণোদয় আঁচনিৰ অনিয়ম সন্দৰ্ভত তদন্ত বিচাৰি প্ৰতিবাদ ৷ উপস্থিত শতাধিক লোক ৷

চাৰি ভাতৃ ভগ্নীক নৃশংসভাৱে হত্যা

পিতৃ- মাতৃ ওচৰত নথকা অৱস্থাত চাৰি ভাতৃ ভগ্নীক নৃশংসভাৱে হত্যা ৷ মহাৰাষ্ট্ৰৰ জলগাঁও জিলাত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ৷ কুঠাৰেৰে চাৰিওজনকে হত্যা কৰাৰ অভিযোগ ৷

"ৰত্নাকৰ"ৰ বৰ্ষপূৰ্তি উপলক্ষে মঙলদৈত উপস্থিত অভিনেতা যতীন বৰা

শুকুৰবাৰে "ৰত্নাকৰ"ৰ বৰ্ষপূৰ্তি উপলক্ষে মঙলদৈত উপস্থিত হয় অভিনেতা যতীন বৰা পত্নী নৱনীতা শৰ্মা, হৃষিকেশ ভট্টাচাৰ্যসহ জে.বি প্ৰডাকচনৰ কেইবাগৰাকীও কৰ্মকৰ্তা ৷

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত অত্যাধুনিক ICU চেণ্টাৰ মুকলি

কোকৰাঝাৰ ৰূপ নাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত সংযোজন হ'ল অত্যাধুনিক ICU চেণ্টাৰ ৷ দীৰ্ঘদিনীয়া দাবী আছিল ৰাইজৰ ৷ ICU চেন্টাৰ নথকাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল ৰাইজৰ ৷

বান সমস্যা সমাধানক লৈ একত্ৰিত যুৱ সমাজৰ পৰিকল্পনা

ছয় বছৰৰ ভিতৰত উপনদী সমূহ খন্দোৱাৰ কাম ক্ষীপ্ৰতাৰে কৰাৰ বাবে ৰাজহ,বন,কৃষি,জলসম্পদ আৰু মীন বিভাগক একত্ৰিত কৰি এজন দক্ষ মন্ত্ৰীৰ হাতত দায়িত্ব ন্যস্ত কৰিব লাগিব ৰাজ্য চৰকাৰে ৷

ভাৰতত ক'ভিড-19 শেহতীয়া তথ্য

এই পৰ্যন্ত কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হৈছে 1,12,161 গৰাকী লোকৰ ৷ বিগত 24 ঘণ্টাত দেশত কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে 895 গৰাকী লোকৰ ৷

স্বজন-তোষণ নীতিৰে চলিছে নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনি !

সংবাদ মাধ্যমৰ আগত হুকহুকাই কান্দিছে টিংখাঙৰ এগৰাকী জনপ্ৰতিনিধিয়ে । মানসিকভাৱে ভাগি পৰা বুলি উল্লেখ কৰিছে এইগৰাকী পঞ্চায়ত সভানেত্ৰীয়ে ৷ আনকি অৰুণোদয় আঁচনি ৰূপায়নতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কেন্দুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা সিং বকলিয়াল ৷

ABOUT THE AUTHOR

...view details