অসম

assam

By

Published : Jun 21, 2020, 11:00 AM IST

ETV Bharat / bharat

পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

Top 10 at 11 AM
পুৱা 11 বজাৰ শীৰ্ষ বাতৰি

যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড়স্থিত গৃহত যোগ দিৱস পালন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী সোণোৱালে আন্তৰাষ্ট্ৰীয় যোগবিদ জগদীশ ভড়ালীৰ তত্বাৱধানত অভ্যাস কৰে যোগাসনৰ ৷

আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যক্ষ কৰা গৈছে সূৰ্যগ্ৰহণৰ দৃশ্য ৷ দেওবাৰৰ সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস নহয়, আংশিক সূৰ্যগ্ৰহণহে ৷ এই গ্ৰহণক বলয় আকাৰত দেখা যাব কাৰণে ইয়াক 'বলয়গ্ৰাস গ্ৰহণ' বুলি কোৱা হয় ।

ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস : দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

আজি দেশৰ লগতে সমগ্ৰ বিশ্বতে আয়োজন কৰা হৈছে ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস ৷ যোগ দিৱস উপলক্ষ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন জনায় ৷

কুলগামত সেনাৰে হোৱা সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী

জম্মু কাশ্মীৰৰ কুলগাম জিলাত সেনাবাহিনীৰ অভিযান । অভিযানকালত সেনাৰ গুলিত নিহত হৈছে এটা সন্ত্ৰাসবাদী। অঞ্চলটোত বৰ্তমানেও অব্যাহত আছে অভিযান ।

মীন আইন ভংগকাৰীৰ বিৰুদ্ধে বৰপেটা জিলা মীন বিভাগৰ অভিযান

মীন আইন ভংগকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বৰপেটা জিলা মীন বিভাগ ৷ বিভাগটোৱে আৰক্ষী আৰু মহলদাৰৰ সহযোগত বৰপেটা আৰু সৰুক্ষেত্ৰী সমষ্টিৰ নৈসমূহত আইন ভংগকাৰীৰ বিৰুদ্ধে অভিযান চলায় ৷

বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

বাঘজান তৈলক্ষেত্ৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷ শুকুৰবাৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অইলৰ মুখ্য আবাসিক কাৰ্যবাহী দিলীপ দাসলৈ প্ৰেৰণ কৰে তৈলক্ষেত্ৰ বন্ধ কৰাৰ জাননী ৷

ডিমা হাছাও জিলাত COVID-19 ৰোগীৰ সংখ্যা 100 জনলৈ বৃদ্ধি

ডিমা হাছাও জিলাত COVID-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যাই শতকৰ ঘৰত প্ৰৱেশ কৰিলে ৷ এইবাৰ ওমৰাংচোৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাছ ৷

খাদ্য পলমকৈ দিয়াৰ অভিযোগত চাংসাৰিৰ কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰতিবাদ

চাংসাৰিত ভাৰতীয় সেনা ছাউনিৰ সমীপৰ 'হেভেলছ' নামৰ বহুৰ্জাতিক প্ৰতিষ্ঠানটোত স্থাপন কৰা কোৱাৰেন্টাইন শিৱিৰটোত খাদ্য প্ৰদানত বিলম্ব হোৱাৰ অভিযোগ ৷ দুই শতাধিক লোক থকা এই শিৱিৰটোত এঘণ্টা পলমকৈ খাদ্য দিয়াৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত ৷

COVID-19: অসমৰ শেহতীয়া তথ্য

বৰ্তমানলৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যা 5255 ৷ আৰোগ্য হৈ উঠিছে 3202 জন ৷ মৃত্যু 9 গৰাকী লোকৰ ৷

কৰ'ণা পজিটিভ বাংলাদেশৰ প্ৰাক্তন অধিনায়ক মছৰফে মোৰতাজা

বাংলাদেশৰ প্ৰাক্তন অধিনায়ক মছৰফে মোৰতাজাৰ কৰ'ণা পৰীক্ষণৰ ফলাফল পজিটিভ । পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা ।

ABOUT THE AUTHOR

...view details