স্বচ্ছ সৰ্বেক্ষণ 2020ঃ প্ৰধানমন্ত্ৰী মোডীৰ সমষ্টি বাৰাণসীয়ে লাভ কৰিলে "বেষ্ট গংগা টাউন এৱাৰ্ড"
বৃহস্পতিবাৰে ঘোষণা কৰা দেশৰ স্বচ্ছ সৰ্বেক্ষণ অভিযানৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিনিধিত্ব কৰা বাৰাণসী সমষ্টিয়ে লাভ কৰে "বেষ্ট গংগা টাউন এৱাৰ্ড" ৷ ভাৰতৰ 5 খন ৰাজ্যৰ মুঠ 97 টা গংগা ঘাট থকা চহৰত চলোৱা হৈছিল এই অভিযান ৷
চলিত বৰ্ষত কেদাৰনাথৰ 'মোডী গুহা'ত নাই এজনো পৰ্যটক
বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা মহামাৰী কৰ'ণা সংকটৰ বাবে চলিত বৰ্ষত কেদাৰনাথ মন্দিৰৰ ৰুদ্ৰ গুহা তথা মোডী গুহা নাহিল এজনো পৰ্যটক ৷ কৰ'ণা সংকটৰ মাজতে প্ৰায় 25 হাজাৰ ভক্তই কেদাৰনাথ মন্দিৰৰ যাত্ৰা কৰে যদিও বিগত বৰ্ষত প্ৰধানমন্ত্ৰী মোডীয়ে ধ্যান কৰা ৰুদ্ৰ ধ্যান গুহা বৰ্তমান পৰ্যন্ত বুকিং নোহোৱা বুলি জানিবলৈ দিয়ে গড়ৱাল মণ্ডল বিকাশ নিগমৰ নিৰ্দেশক ইভা আশীষ শ্ৰীবাস্তৱে ৷
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : দলিত পঞ্চায়ত সভাপতিয়ে লাভ কৰিলে পতাকা উত্তোলনৰ সুযোগ
স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা উত্তোলনত বাধা প্ৰদান কৰা এগৰাকী দলিত পঞ্চায়ত সভাপতিক সামাজিক ন্যায় আৰু সংবিধান সুৰক্ষিত ৰখাৰ প্ৰচেষ্টা হিচাপে বৃহস্পতিবাৰে জিলা কালেক্টৰ আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত পতাকা উত্তোলনৰ সুযোগ প্ৰদান কৰা হয় ৷ জিলা কালেক্টৰ মহেশ্বৰী ৰবিকুমাৰ আৰু আৰক্ষী অধীক্ষক পি. অৰবিন্ধন পতাকা উত্তোলন অনুষ্ঠানত উপস্থিত থাকে ৷\
মৰিগাঁৱত ৬ জাঁই গুলীসহ পিষ্টল জব্দ
মৰিগাঁৱত আৰক্ষীৰ অভিযানত জব্দ ৬ জাঁই গুলীসহ এটা পিষ্টল। ঝাৰগাঁৱৰ এজন ব্যক্তিৰ বাসগৃহৰ পৰা আৰক্ষীয়ে পিষ্টলটো উদ্ধাৰ কৰে । সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ বুলি সন্দেহ আৰক্ষীৰ।
ঘৰত গৃহস্থ নথকাৰ সুযোগত চোৰৰ চাফাই অভিযান
ঘৰত কোনো নথকাৰ সুযোগত চোৰে দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুটা গডৰেজ ভাঙি সোণৰ অলংকাৰৰ লগতে নগদ 50 হাজাৰ টকা লৈ উধাও ৷