অসম

assam

9 নৱেম্বৰত অযোধ্যা ভূমি বিবাদৰ শুনানি

By

Published : Nov 8, 2019, 9:32 PM IST

Updated : Nov 9, 2019, 1:01 AM IST

কাৰ পক্ষত হ'ব ৰাম মন্দিৰ গোচৰৰ ৰায়দান ?

21:18 November 08

কাইলৈ অযোধ্যা ৰাম মন্দিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব ৰায়দান ৷ ৰায়দান প্ৰদানৰ পূৰ্বে উত্তৰ প্ৰদেশৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত অৱগত হোৱাৰ উদ্দেশ্যে মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈয়ে ৰাজ্যখনৰ মুখ্য সচিব আৰ কে তিৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান অপি সিঙক দিল্লীলৈ তলৱ কৰে ৷

নিউজ ডেস্ক, 8 নৱেম্বৰ: 9 নৱেম্বৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰিব অযোধ্যা ভূমি বিবাদৰ ৰায়দান ৷ শনিবাৰে পুৱা 10 বাজি 30 মিনিটত উচ্চতম ন্যায়ালয়ে ৰায়দান প্ৰদান কৰাৰ সম্ভাৱনা ৷  ৰায়দান প্ৰদানৰ পূৰ্বে উত্তৰ প্ৰদেশৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত অৱগত হোৱাৰ উদ্দেশ্যে মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈয়ে ৰাজ্যখনৰ মুখ্য সচিব আৰ কে তিৱাৰী, আৰক্ষী সঞ্চালক প্ৰধান অপি সিঙক দিল্লীলৈ তলৱ কৰে ৷ ইতিমধ্যে ৰাজ্যখনত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

বিষয়টো সন্দৰ্ভত 40 দিনলৈ গ্ৰহণ কৰা হয় শুনানিঃ 

অতিকৈ স্পৰ্শকাতৰ অযোধ্যা ৰাম মন্দিৰ ভূমি বিবাদৰ ৰায়দান প্ৰদান কৰাৰ পূৰ্বে মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া এটা বিচাৰপীঠে 40 দিনলৈ শুনানি গ্ৰহণ কৰে ৷ বিচাৰপীঠটোত মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ লগতে ন্যায়ধীশ এচ এ ববড়ে, দি ৱাই চন্দ্ৰচুড়, অশোক ভূষণ আৰু এচ আব্দুল নজীৰ অন্তৰ্ভুক্ত ৷ 

উল্লেখ্য যে, বিষয়টো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে বিগত 6 আগষ্টৰ পৰা গ্ৰহণ কৰিছিল শুনানি প্ৰক্ৰিয়া ৷ বিষয়টোৰ অন্তিম শুনানি 20 অক্টোবৰত গ্ৰহণ কৰা হয় ৷ 

অধিবক্তা ৰাজীৱ ধৱনে চিৰাচিৰ কৰিছিল নক্সাঃ 

শুনানি গ্ৰহণৰ অন্তিমটো দিনত হিন্দু মহাসভাৰ অধিবক্তাই দিয়া কিতাপত আপত্তি দৰ্শাইছিল মুছলিম পক্ষৰ অধিবক্তা ৰাজীৱ ধৱনে ৷ অধিবক্তাগৰাকীৰ আপত্তিৰ পাচতেই হিন্দু মহাসভাৰ অধিবক্তা আৰু মুছলিম পক্ষৰ অধিবক্তাৰ মাজত সৃষ্টি হৈছিল তীব্ৰ বাক-বিতণ্ডাৰ ৷ দৰাচলতে হিন্দু মহাসভাৰ অধিবক্তা বিকাশ সিঙে ন্যায়ালয়ত এখন কিতাপ উত্থাপন কৰিব বিচাৰিছিল ৷ কিতাপখনৰ উত্থাপনৰ সময়ত বিৰোধিতা কৰিছিল মুছলিম পক্ষৰ অধিবক্তা ৰাজীৱ ধৱনে ৷ বাক-বিতণ্ডাৰ পৰিণতিত অধিবক্তা ৰাজীৱ ধৱনে চিৰাচিৰ কৰিছিল এখন নক্সা ৷ 

Last Updated : Nov 9, 2019, 1:01 AM IST

ABOUT THE AUTHOR

...view details