এটকাও নিদিয়াকৈ পাৰ হওক টোলগেট - কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী
অনিৰ্দিষ্টকাললৈ টোলগেট বন্ধৰ নিৰ্দেশ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ৷ COVID 19 ৰ পৰিপ্ৰক্ষিতত এই বন্ধ ঘোষণা ৷
পাৰ হওক টোলগেট
"কৰ'ণা ভাইৰাছৰ আতংকৰ ফলত সমগ্ৰ দেশতে লকডাউন জাৰি হোৱাৰ পৰিপ্ৰক্ষিতত বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব সমগ্ৰ দেশৰ টোল গেটসমূহ ৷ এই সময়ত কোনোধৰণৰ টোল সংগ্ৰহ কৰা নহ'ব ৷ ইয়াৰ ফলত জৰুৰীকালীন সেৱা সমূহৰো কোনো অসুবিধা নহ'ব ফলত ভালেখিনি সময়ো ৰাহি হ'ব " ৷ বুধবাৰে বিয়লি টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷