নিউজ ডেস্ক, 24 জুলাই:শৌচালয়ত পাকঘৰ! শুনি হয়তো আপোনাৰো আচৰিত লাগিছে৷ হয়, এনে এক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ শিৱপুৰি জিলাত ৷ জিলাখনৰ কৰেৰাস্থিত অংগনবাদী কেন্দ্ৰ এটাৰ শৌচালয়টো এটা সম্পূৰ্ণ ৰান্ধনী শাললৈ পৰিৱৰ্তন কৰি লোৱা হৈছে৷ এই পাকঘৰ ওৰফে শৌচালয়টোত অংগনবাদী কেন্দ্ৰটোৰ শিশু সকলৰ বাবে মধ্যাহ্ন ভোজন তৈয়াৰ কৰা হয়৷
শৌচালয়ত পাকঘৰ! সমৰ্থনত খোদ মন্ত্ৰী ! - পাকঘৰ
ইপিনে এই ঘটনাটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মধ্যপ্ৰদেশৰ মন্ত্ৰী ইমাৰৱতী দেৱীয়ে কয় যে, শৌচালয়ত খাদ্য বনোৱাটো কোনো ডাঙৰ কথা নহয় যদি 'টয়লেট চিট' আৰু চৌকাটোৰ মাজত বিভাজন কৰি দিয়া থাকে ৷
এই পাকঘৰ ওৰফে শৌচালয়টোত খাদ্য তৈয়াৰ কৰিবৰ বাবে এলপিজি চিলিণ্ডাৰ আৰু চৌকাৰো ব্যৱস্থা আছে ৷ ইয়াৰোপৰিও খাদ্যৰ তৈয়াৰ কৰিবৰ বাবে 'টয়লেট চিট'টোৰ ওপৰত ৰখা হৈছে বাচন-বৰ্তনো ৷ এই পাকঘৰ ওৰফে শৌচালয়টোত দৈনিক খাদ্য তৈয়াৰ কৰি শিশু সকলক খাবলৈ দিয়া হয় ৷ মহিলা আৰু শিশু বিকাশ আচঁনিৰ জিলা আধিকাৰী দেৱেন্দ্ৰ সুন্দ্ৰয়ালে জনোৱা অনুসৰি, এটা আত্মসহায়ক গোটে অংগনবাদী কেন্দ্ৰটোৰ শৌচালয়টো অস্থায়ী পাকঘৰ হিচাপে ব্যৱহাৰ কৰি আছিল ৷ অংগনবাদী চেণ্টাৰটোৰ চুপাৰভাইজাৰ আৰু অংগনবাদী কৰ্মী সকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জনাই দেৱেন্দ্ৰ সুন্দ্ৰয়ালে ৷ ইয়াৰোপৰিও শীঘ্ৰে কেন্দ্ৰটোত খাদ্য তৈয়াৰ কৰিবৰ বাবে পাকঘৰ নিৰ্মাণ কৰি দিয়া হ'ব বুলি জনাই জিলা অধিকাৰী গৰাকীয়ে ৷
ইপিনে এই ঘটনাটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মধ্যপ্ৰদেশৰ মন্ত্ৰী ইমাৰৱতী দেৱীয়ে কয় যে, শৌচালয়ত খাদ্য বনোৱাটো কোনো ডাঙৰ কথা নহয় যদি 'টয়লেট চিট' আৰু চৌকাটোৰ মাজত বিভাজন কৰি দিয়া থাকে ৷ তেওঁ কয় যে 'টয়লেট চিট'টোত বাচন-বৰ্তন থ'ব পাৰে কিয়নো 'টয়লেট চিট'টো ব্যৱহাৰ কৰা হোৱা নাছিল ৷ ইয়াৰোপৰিও এই সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্ত কৰা হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷