অসম

assam

ETV Bharat / bharat

সমগ্ৰ বিশ্বৰ ৭৫ শতাংশ বাঘৰ বাসস্থলী হৈছে ভাৰতবৰ্ষ - তামিলনাডু, অসম, কেৰেলা আৰু উত্তৰ প্ৰদেশ

আজি বিশ্ব ব্যাঘ্ৰ দিৱস । বাঘৰ সংৰক্ষণৰ প্ৰতি জাগৰণ সৃষ্টিৰ প্ৰয়াসেৰে ২০১০ চনত চেইণ্ট পিটাৰবাৰ্গ টাইগাৰ সমিতিয়ে ২৯ জুলাইৰ দিনটো নিৰ্ধাৰণ কৰি সমগ্ৰ বিশ্বতে বিশ্ব ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰাৰ বাবে ঠিৰাং কৰিছিল । ইয়াৰ পিছতে প্ৰতি বছৰে ২৯ জুলাইত সৰ্বত্ৰে বিশ্ব ব্যাঘ্ৰ দিৱস পালন কৰি অহা হৈছে ।

Today is International Tiger Day
সমগ্ৰ বিশ্বৰ ৭৫ শতাংশ বাঘৰ বাসস্থলী হৈছে ভাৰতবৰ্ষ

By

Published : Jul 29, 2020, 5:48 PM IST

নিউজ ডেস্ক,২৯ জুলাই: অন্য প্ৰাণী সমূহৰ দৰে বাঘো হৈছে বিশ্বৰ এক প্ৰাকৃতিক সম্পদ । বাঘক লৈও বিশ্বৰ বিভিন্ন প্ৰান্তত সংস্কৃতি আৰু ঐতিহ্য দেখিবলৈ পোৱা যায় । ইয়াত কোনো সন্দেহ নাই যে,প্ৰাকৃতিক ভাৰসাম্যৰ ক্ষেত্ৰত বাঘৰ বসতিস্থল সমূহো সমানেই গুৰুত্বপূৰ্ণ ।

মানুহে বাঘক উপেক্ষা কৰিব পাৰে,কিন্তু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে বনাঞ্চল সমূহ ৰক্ষাৰ ক্ষেত্ৰত বাঘৰ ভূমিকা অপৰিসীম । সেয়াও এক উচ্চ পৰ্যায়ৰ নিৰাপত্তাৰে বাঘে ৰক্ষা কৰি আহিছে বনাঞ্চল সমূহ। সেয়েহে আমি বাঘক ছাতি প্ৰজাতি(Umbrella species)বুলি কওঁ ।

সমগ্ৰ বিশ্বৰ ৭৫ শতাংশ বাঘৰ বাসস্থলী হৈছে ভাৰতবৰ্ষ

বিশ্ব ব্যাঘ্ৰ দিৱস পোন প্ৰথমবাৰ পালন কৰা হৈছিল ২০১০ চনত অনুস্থিত এক আন্তৰাষ্টীয় শীৰ্ষ সন্মিলনত লোৱা সিদ্ধান্তৰ পিছতেই । আচৰিত হ'ব লগা বাৰ্তাটো হ'ল যে,যোৱাটো শতিকাত বনত বাস কৰা এই বাঘৰ সংখ্যা ৯৭ শতাংশ কমি এতিয়া জীৱিত বাঘৰ সংখ্যা মাত্ৰ ৩০০০ৰ ভিতৰত পৰিছেগৈ। অৱশ্যে বাঘৰ সংখ্যা এনেদৰে বিলুপ্তিৰো আছে বহু কেইটা কাৰণ ।

এনে এক পৰিস্থিতিত বাঘৰ বিলুপ্তি নহ'বৰ বাবে তথা ইয়াৰ সংৰক্ষণৰ বাবে জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াসেৰে প্ৰতি বছৰে বিশ্ব ব্যাঘ্ৰ দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছিল । বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপনৰ মূল লক্ষ হৈছে বাঘৰ প্ৰাকৃতিক বাসস্থান সমূহ ৰক্ষা কৰাৰ বাবে এক বৈশ্বিক ব্যৱস্থাৰ জড়িয়তে প্ৰচাৰ আৰু বাঘৰ সংৰক্ষণৰ বিষয়বোৰৰ ক্ষেত্ৰত সকলোৰে মাজত এক গণ সচেতনতা বৃদ্ধি আৰু সমৰ্থন বৃদ্ধি কৰা ।

গৌৰৱৰ কথা এয়ে যে, সমগ্ৰ বিশ্বৰ ৭৫ শতাংশ বাঘৰ বাসস্থলী হৈছে ভাৰতবৰ্ষ । ভাৰতত বাঘৰ ক্ৰমবৰ্ধমান তালিকাখন এনে ধৰণৰ:

২০০৬ চনত ১৪১১ টা বাঘ

২০১০ চনত ১৭০৬ টা বাঘ

২০১৪ চনত ২২২৬ টা বাঘ

২০১৯ চনত ২৯৬৭ টা বাঘ

শেহতীয়া গণনা মতে,আমাৰ দেশত বাঘৰ সংখ্যাৰ হিচাবটো এনে ধৰণৰ । ৰয়েল বেংগল টাইগাৰৰ মুঠ সংখ্যা হৈছে ২৯৬৭টা । ইয়াৰে চাৰিখন ৰাজ্যত( মধ্য প্ৰদেশ, কৰ্ণাটক, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰ) ৩০০ৰো অধিক বাঘ দেখিবলৈ পোৱা যায় । আন চাৰিখন ৰাজ্য তামিলনাডু,অসম,কেৰালা আৰু উত্তৰ প্ৰদেশত ১৫০তকৈ অধিক বাঘ পোৱা গৈছে ।

২০০৬ চনৰ তুলনাত এই আঠখন ৰাজ্যত বাঘৰ বংশ বৃদ্ধিৰ হাৰ ১০০ শতাংশ দেখিবলৈ পোৱা যায় । ইতিমধ্যে মধ্য প্ৰদেশ ভাৰতৰ বাঘৰ ৰাজ্য(Tiger State of India) হিচাপে পৰিগণিত হৈছে ।

বোক্সা, ডাম্পা,আৰু পালামাওৰ বাঘৰ সংৰক্ষিত বনাঞ্চল কেইখনত বৰ্তমান নাই এটাও বাঘ । তাৰোপৰি মিজোৰামত কোনো বাঘৰ সন্ধান পোৱা নাই । মধ্য প্ৰদেশৰ প্ৰেঞ্চ ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু কেৰেলাৰ পেৰিয়াৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য,এই দুখনেই হৈছে দেশৰ অধিক সংখ্যক বাঘ থকা ৰাষ্ট্ৰীয় ব্যাঘ্ৰ অভয়াৰণ্য ।

ABOUT THE AUTHOR

...view details