1927 চনত মহাত্মা গান্ধীয়ে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IIS)ত দিয়া এটা বক্তৃতাত শিক্ষকসকলক সেইসকল লোকৰ চিন্তা আৰু আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনাইছিল যাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক চলি আছে। তেওঁ কৈছিল, "যদিহে আমি গাঁৱত বাস কৰা লোকসকলক লগ কৰি বুজাও যে কেনেকৈ আমি তেওঁলোকৰ পইচাৰে অট্টালিকা আৰু কাৰখানা নিৰ্মাণ কৰিছো যিনেকি তেওঁলোকক কেতিয়াও মুনাফা নিদিয়ে কিন্তু তাৰ পৰা ভৱিষ্যৎ প্ৰজন্ম লাভান্বিত হ'ব, সেইকথা তেওঁলোকে বুজি নাপাব। তেওঁলোকৰ স্থিতি অতি শিথিল হোৱাই স্বাভাৱিক । কিন্তু আমি তেওঁলোকক কেতিয়াও বিশ্বাসত লোৱা নাই, আমি কেৱল এইটো আমাৰ অধিকাৰৰ প্ৰশ্ন বুলি গণ্য কৰি এইটো পাহৰি গৈছো যে 'প্ৰতিনিধিত্বৰ অবিহনে কৰ আৰোপ নকৰা' নীতিটো তেওঁলোকৰ ওপৰতো প্ৰযোজ্য, এই কথাবোৰৰ ওপৰত গুৰুত্ব দিলে অন্য এটা দিশ উন্মোচিত হয় " ।
গান্ধীজীৰ মন্তব্যৰ বহু দিনৰ মূৰতো আমি এনেকুৱা প্ৰতিষ্ঠান নিৰ্মাণত ব্যৰ্থ হ'লো যি সমাজৰ শক্তিশালী আৰু প্ৰভাৱশালী সকলক দুৰ্বল আৰু প্ৰান্তীয় সকলৰ সৈতে একে মঞ্চতে একত্ৰিত কৰি বিভিন্ন চিন্তা কৰাৰ বাবে অনুপ্ৰাণিত কৰিব পাৰে আৰু যিনেকি দুৰ্বল আৰু প্ৰান্তীয় সকলক সবলীকৰণ কৰি তেওঁলোকক নিৰ্ভয়তা প্ৰদান কৰিব পাৰে । এই প্ৰক্ৰিয়াতো সদায়েই ওপৰৰ পৰা তললৈ চলা একপক্ষীয় বক্তব্য হৈ আহিছে য'ত বাচকবনীয়া বা সম্ভ্ৰান্ত শ্ৰেণীৰ মনত থকা চিন্তাৰ প্ৰান্তীয় সকলৰ লগত কোনো কথোপকথন নহয়, ভাৰতীয় অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান, চিমলাকে প্ৰমুখ্য কৰি বিভিন্ন উচ্চ প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো এইটো কথা প্ৰযোজ্য।
শেহতীয়াকৈ আমাৰ দেশৰ বিভিন্ন চহৰত ভাৰত আন্তঃজাৰ্তিক কেন্দ্ৰ, নতুন দিল্লীৰ আৰ্হিত বিভিন্ন আন্তঃজাৰ্তিক কেন্দ্ৰসমূহ প্ৰতিষ্ঠা হৈছে। প্ৰধান এলেকাসমূহত স্থাপন হোৱা এই কেন্দ্ৰসমূহ উন্নত যদিও তেওঁলোকৰ প্ৰসাৰতা নিজৰ মাজতে সীমাবদ্ধ। তেওঁলোকৰ প্ৰধান লক্ষ্য আমেৰিকান নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু কেন্দ্ৰত তেওঁলোকক জড়িত কৰাই তেওঁলোকৰ উদ্দেশ্য ।