নিউজ ডেস্ক,১৪ এপ্ৰিলঃকৰ'ণা ভাইৰাছ মহামাৰীক প্ৰতিহত কৰিবলৈ দেশত ঘোষণা কৰা হৈছিল ২১ দিনীয়া লক্ ডাউন । ২১ দিনীয়া লক্ ডাউনৰ আজি অন্তিমটো দিন । কিন্তু পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৩০ এপ্ৰিল লৈ লক্ ডাউনৰ সময়-সীমা বৃদ্ধি কৰিছে তামিলনাডু চৰকাৰে ।
চিকিৎসা আৰু জনস্বাস্থ্য বিশেষজ্ঞৰ নিৰ্দেশমৰ্মেই জনসাধাৰণৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় মুখ্যমন্ত্ৰী কে. পালানিস্বামীয়ে । তামিলনাডুৰ লগতে দেশৰ অন্যান্য ৰাজ্য ওড়িশা, তেলেংগনা, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, পশ্চিম বংগ আৰু মিজোৰামত ইতিমধ্যে ৩০ এপ্ৰিল লৈ বৃদ্ধি কৰা হৈছে লক্ ডাউনৰ সময়-সীমা ।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, লক্ ডাউনৰ সময়-সীমা বৃদ্ধি পোৱাৰ ফলত চাউলৰ ৰেচন কাৰ্ড থকা সকলে আৱশ্যকীয় সামগ্ৰী সমূহ বিনামূলীয়াকৈ মে' মাহলৈ লাভ কৰিব । য'ত থাকিব চাউল, তোৰদালি, চেনি আৰু খাদ্য ৰন্ধা তেল । ইয়াৰ লগতে ৰেচন কাৰ্ড থকা সকলক ১০০০ টকাকৈ প্ৰদান কৰিব চৰকাৰে । আনহাতে নিৰ্মাণ শ্ৰমিক আৰু অসংগঠিত প্ৰতিষ্ঠানত কাম কৰা লোক সকলকো দ্বিতীয়বাৰৰ বাবে ১০০০ টকাকৈ আৰ্থিক সাহাৰ্য দিয়া হ'ব । প্ৰৱাসী শ্ৰমিক সকলক ১৫ কে.জি চাউল, তোৰদালি আৰু খাদ্য ৰন্ধা তেল বিনামূলীয়া কৈ মে' মাহলৈ দিব চৰকাৰে ।
তামিলনাডুত বৰ্তমানলৈ ১০৭৫ টা COVID-১৯ ত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে । ৫০ জন আৰোগ্য হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১১ জনৰ । ৰাজ্যখনত পুৱা ৬ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অত্যাৱশকীয় সামগ্ৰীৰ দোকান পোহাৰ খোলাৰ অনুমতি দিয়া হৈছে ।