অসম

assam

By

Published : Sep 17, 2020, 8:50 AM IST

ETV Bharat / bharat

তামিলনাডুত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে মন্দিৰত 70 কেজিৰ লাডু অৰ্পন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে তামিলনাডুৰ বিজেপি কৰ্মকৰ্তা সকলে এটা 70 কিলোগ্ৰাম ওজনৰ বুন্দিয়াৰ লাডু প্ৰস্তুত কৰে ৷

70 কেজিৰ লাডু
70 কেজিৰ লাডু

নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ: চকু থৰ লগা 70 কিলোগ্ৰাম ওজনৰ এটা বুন্দিয়াৰ লাডু ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন উপলক্ষে তামিলনাডুৰ বিজেপি কৰ্মকৰ্তা সকলে লাডুটো বিতৰণ কৰাৰ লগতে সাহায্য প্ৰদান আৰু "থমৰাই" মেডিকেল কেম্পৰ আয়োজন কৰে ৷ এনেদৰেই তেওঁলোকে উদযাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন ৷

বুধবাৰে সন্ধিয়া অৰ্থাৎ প্ৰধামন্ত্ৰী গৰাকীৰ জন্মদিনৰ পূৰ্বৰ দিনটোত গেৰুৱা বাহিনীয়ে এক ব্যতিক্ৰমী ধৰণেৰে জন্মদিন উদযাপনৰ চেষ্টাৰে 70 কিলোগ্ৰাম ওজনৰ লাডুটো তৈয়াৰ কৰে ৷ তেওঁলোকে কৈয়ম্বটুৰস্থিত শিৱন কামাটছি আম্মান শিৱ মন্দিৰত সেই লাডুটো অৰ্পন কৰে ৷

জন্মদিন উপলক্ষে মন্দিৰটোৰ বাহিৰত হোৱা এক শোভাযাত্ৰাত বিশাল লাডুটো কঢ়িয়াই নিয়া হৈছিল ৷ পৰৱৰ্তী সময়ত সেই লাডুৰাইজৰ মাজত বিতৰণ কৰা হয় ৷ দলীয় কৰ্মকৰ্তা সকলে তেওঁলোকৰ নেতা গৰাকীৰ দীৰ্ঘায়ু তথা সমৃদ্ধশালী জীৱনৰ কামনা কৰে ৷ ইয়াৰোপৰি দলটোৱে প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে এক সপ্তাহজোৰা কাৰ্যসূচীও গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে তামিলনাডুৰ ৰাজ্যিক বিজেপিৰ সভাপতি এল. মুৰুগানে ৷

উল্লেখ্য যে, আজি নৰেন্দ্ৰ মোডীৰ 70 সংখ্য়ক জন্মদিনত তেওঁক নেপালৰ প্ৰধানমন্ত্ৰীকে ধৰি দেশ-বিদেশৰ বহু শীৰ্ষস্থানীয় ব্যক্তিয়ে শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক:নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লীৰ প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ শুভেচ্ছা

ABOUT THE AUTHOR

...view details