অসম

assam

ETV Bharat / bharat

পশ্চিমবংগত দলীয় নেতাৰ বিৰুদ্ধে ক্ষোভ তৃণমূল কংগ্ৰেছৰ বিধায়িকাৰ - নিজৰ দলৰ নেতাৰ কাৰ্যক লৈ মুঠেও সন্তুষ্ট নহয়

নিজৰ দলৰ নেতাৰ কাৰ্যক লৈ মুঠেও সন্তুষ্ট নহয় পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়িকা বৈশালী ডালমিয়া । তেওঁ কৈছে যে, দলীয় কৰ্মীয়ে সঠিকভাৱে কাম কৰাৰ ক্ষেত্ৰত বাধা দিছে দলৰ একাংশ নেতাই ।

পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়িকা বৈশালী ডালমিয়া
পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়িকা বৈশালী ডালমিয়া

By

Published : Jan 7, 2021, 1:31 PM IST

নেশ্যনেল ডেস্ক, ৭ জানুৱাৰী: পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ অভ্যন্তৰত উমি উমি জ্বলিছে ক্ষোভৰ জুই । দলৰ নেতা-কৰ্মীৰ মাজত আৰম্ভ হৈছে কন্দল । পশ্চিমবংগৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী লক্ষ্মী শুক্লাই ৰাজ্যিক মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ পিছতে এইবাৰ দলীয় নেতাৰ কাৰ্যত ক্ষোভিত হৈ পৰিছে বিধায়িকা বৈশালী ডালমিয়া । সংবাদ মাধ্যমৰ আগত বেলী সমষ্টিৰ বিধায়িকা বৈশালী ডালমিয়াই কয় যে, লক্ষ্মী শুক্লাৰ পদত্যাগে তেওঁক আচম্বিত কৰিছে যদিও শুক্লা দলৰ কামক লৈ সন্তুষ্ট নাছিল ।

দলৰ বহু কৰ্মীক তেওঁৰ বাবে কাম কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল । কিন্তু লক্ষ্মী শুক্লাই ৰাইজৰ বাবে কাম কৰিব বিচাৰিছিল । হাওৰাৰ তৃণমূল কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাক দলৰ বাবে ঘুণ পোক বুলি কৈ বিধায়িকাগৰাকীয়ে কয় যে, এই নেতাসকলে দলীয় কৰ্মীক কাম কৰাত বাধা প্ৰদান কৰি আহিছে । লক্ষ্মী ৰতনে এই সমস্যা দলৰ উৰ্ধ্বতম কৰ্তৃপক্ষক জনাইছে নে নাই সেই বিষয়ে তেওঁ অৱগত নহয় বুলিও মন্তব্য কৰে বিধায়িকাগৰাকীয়ে ।

তেওঁ কয় যে, তেওঁ নিজেও একে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । উল্লেখ্য যে, সুভেন্দু অধিকাৰীসহ কেইবাজনো নেতাই দল ত্যাগ কৰি ইতিমধ্যে বিজেপিত যোগদান কৰিছে । বৈশালী ডালমিয়াই বিজেপিত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, 'মই ভৱিষ্যতৰ কথা নাজানো, কিন্তু মই আশ্বাস দিছো যে, মই সদায় সমষ্টিৰ ৰাইজৰ বাবে কাম কৰি যাম'

লগতে পঢ়ক:'পি এম কিষাণ' আঁচনি ৰূপায়নৰ বাবে অনুমতি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details