নিউজ ডেস্ক, 10 ডিচেম্বৰ :পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে মানৱ অধিকাৰ দিৱস উপলক্ষে টুইট যোগে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ দুদিনীয়া পশ্চিমবংগ ভ্ৰমণৰ মাজতে মমতা বেনাৰ্জীয়ে কয় যে, বৰ্তমান লোকতন্ত্ৰক উভালি পেলোৱা, মৌলিক অধিকাৰসমূহক মহতিয়াই দিয়া তথা জনসাধাৰণৰ কণ্ঠক ৰোধ কৰাৰ প্ৰচেষ্টা চলিছে ৷
টুইট যোগে মমতা বেনাৰ্জীয়ে কয় যে, " আজি মানৱধিকাৰ দিৱস ৷ আজিকালি লোকতন্ত্ৰক উভালি পেলোৱা, মৌলিক অধিকাৰসমূহক মহতিয়াই দিয়া তথা জনসাধাৰণৰ কণ্ঠক ৰোধ কৰাৰ প্ৰচেষ্টা চলিছে ৷ আমাৰ চৰকাৰে মানৱধিকাৰ সমূহক ধৰি ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ৷ "