অসম

assam

ETV Bharat / bharat

সোমবাৰে কৰ্মবিৰতিত থাকিব দিল্লী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যন - দিল্লী উচ্চ ন্যায়ালয়

নতুন দিল্লীৰ টিছ হাজাৰী আদালত চৌহদত আৰক্ষী আৰু অধিবক্তাৰ মাজত সংঘটিত হোৱা হতাহতিৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত দিল্লী উচ্চ ন্যায়ালয়ৰ ৷ ঘটনাৰ বাবে সোমবাৰে এদিনৰ বাবে কৰ্মবিৰতিত থাকিব দিল্লী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ অধিবক্তাসকল ৷

সোমবাৰে কৰ্মবিৰতিত থাকিব দিল্লী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যন

By

Published : Nov 4, 2019, 7:17 AM IST

Updated : Nov 4, 2019, 9:29 AM IST

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰঃ দিল্লী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনে সোমবাৰেও অব্যাহত ৰাখিব ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী ৷ শনিবাৰে দিল্লীৰ টিছ হাজাৰী আদালত চৌহদত আৰক্ষী আৰু অধিবক্তাৰ মাজত সংঘটিত হোৱা ঘটনাক লৈ সোমবাৰেও কৰ্মবিৰতি ৰাখিব দিল্লী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ অধিবক্তাসকলে ৷

লগতে পঢ়কঃ দিল্লীৰ ভয়ংকৰ প্ৰদূষণত গাজৰ খাই ৰক্ষা কৰক নিজক !

এই ঘটনাক লৈ বাৰ কাউন্সিল অৱ ইণ্ডিয়া (BCI)ই অধিবক্তাসকলক নিজৰ নিজৰ কৰ্মস্থলীলৈ উভটি যাবলৈ আহ্বান জনাইছে ৷ মঙলবাৰলৈ অধিবক্তাসকলক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে সৰ্বভাৰতীয় সংস্থাটোৱে ৷

লগতে পঢ়কঃ অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হ'ব ডেভেন্দ্ৰ ফাডনাভিজ

অৱশ্যে লক্ষ্নৌৰ কেন্দ্ৰীয় বাৰ এছ'চিয়েশ্যনে দিল্লী বাৰ এছ'চিয়েশ্যনৰ সিদ্ধান্তক সমৰ্থন কৰিছে ৷ পঞ্জাৱ আৰু হাৰিয়ানাৰ বাৰ কাউন্সিলে সংশ্লিষ্ট কৰ্তৃপক্ষক আঘাতপ্ৰাপ্ত অধিবক্তাসকলক যথোপযুক্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ৷

Last Updated : Nov 4, 2019, 9:29 AM IST

ABOUT THE AUTHOR

...view details