অসম

assam

ETV Bharat / bharat

পাকিস্তান অধ্যুষিত কাশ্মীৰ ঘুৰাই ল'ব লাগেঃ মন্ত্ৰী গিৰিৰাজ সিং

ইটিভি ভাৰতৰ সৈতে হোৱা শেহতীয়া সাক্ষাৎকাৰত বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে, পাকিস্তান অধ্যুষিত কাশ্মীৰ ভাৰতে অধিকাৰ কৰিব লাগে ৷ চাওঁক আমাৰ এই প্ৰতিবেদন ৷

পাকিস্তান অধ্যুষিত কাশ্মীৰ ঘুৰাই ল'ব লাগেঃ মন্ত্ৰী গিৰিৰাজ সিং

By

Published : Aug 21, 2019, 1:17 PM IST

নিউজ ডেস্ক, 21 আগষ্টঃ বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে টুইটাৰত টুইট কৰি "জয় কাশ্মীৰ জয় ভাৰত অব কি বাৰ উছ পাৰ" শ্লোগান আগবঢ়ায় ৷ টুইটযোগে তেওঁ পাকিস্তান অধ্যুষিত কাশ্মীৰ ভাৰতে ওভোটাই লোৱাৰ কথা দাবী কৰিছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে ৷

মন্ত্ৰীগৰাকীৰ টুইটক লৈ যথেষ্ট চৰ্চা হৈছিল ৷ পৰৱৰ্তী সময়ত ইটিভি ভাৰতে এই বিষয়ে মন্ত্ৰীগৰাকীক প্ৰশ্ন সোধাত, "এয়া ভাৰতৰ বাবে উপযুক্ত সময় ৷ আমি পাকিস্তানে দখল কৰি থকা কাশ্মীৰ ঘুৰাই ল'ব লাগে ৷ কাশ্মীৰ আৰু কাশ্মীৰিয়তক লৈ ভাৰতে 70 বছৰে তিক্ততা ভূগি আহিছে ৷ পণ্ডিত নেহৰু এগৰাকী সন্মানীয় ব্যক্তি ৷ কিন্তু তেওঁ কৰি যোৱা ভূলৰ বাবেই আজিৰ এই পৰিস্থিতি সৃষ্টি হৈছে ৷ আকচাই চীনক চীনৰ হাতত এৰি দিয়াৰ লগতে পাকিস্তান অধ্যুষিত কাশ্মীৰৰ পৰা সেনা প্ৰত্যাহাৰ কৰাটো পণ্ডিত নেহৰুৰ মাৰাত্মক ভূল আছিল আৰু ইয়াৰ দ্বাৰা ভাৰতবৰ্ষৰ স্বাভিমানত আঘাত কৰিছিল নেহৰুৱে ৷" এইদৰে উল্লেখ কৰে গিৰিৰাজ সিঙে ৷

জয় কাশ্মীৰ জয় ভাৰত অব কি বাৰ উছ পাৰ

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰসংশা কৰি নেহৰুৱে কৰি যোৱা ভূলসমূহ শুধৰাবলৈ দেশে তেওঁক নিৰ্বাচিত কৰিছে বুলি কয় বিজেপি মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details