নিউজ ডেস্ক, 25 জুনঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লোকসভাত উত্থাপন হোৱা এক প্ৰশ্নৰ উত্তৰত বৰ্তমানলৈ নিধন হোৱা সন্ত্ৰাসবাদীৰ তথ্য প্ৰকাশ কৰিছে ৷ সেই অনুসৰি চলিত বৰ্ষত জুন মাহৰ 16 তাৰিখলৈ দেশত 113 গৰাকী সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে 18 গৰাকী সাধাৰণ লোক নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে ৷
চলিত বৰ্ষত এইপৰ্যন্ত নিহত 113 সন্ত্ৰাসবাদীঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়
সদনত উত্থাপন হোৱা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিশান ৰেড্ডীয়ে চলিত বৰ্ষত 113টা সন্ত্ৰাসবাদী নিধন হোৱাৰ কথা উল্লেখ কৰিছে ৷
চলিত বৰ্ষত বৰ্তমানলৈ 113 সন্ত্ৰাসবাদী নিহতঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়
কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিশান ৰেড্ডীয়ে মঙলবাৰে লোকসভাত এই তথ্য উল্লেখ কৰে ৷ মন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ প্ৰতি শূণ্য় সহনশীলতা নীতি গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে ৷ উল্লেখ্য যে, 2018 চনত নিৰাপত্তা বাহিনীয়ে 257 টা সন্ত্ৰাসবাদী নিধন কৰাৰ লগতে 2017ত 213 টা আৰু 2016ত 150 টা সন্ত্ৰাসবাদী নিধন কৰিছিল ৷