অসম

assam

ETV Bharat / bharat

চীনৰ TikTok, BeautyPlus সলনি ব্যৱহাৰ কৰক এইকেইটা বিকল্প এপ্ - চীনৰ এপ ব্যৱহাৰ বৰ্জন

৩০ জুনত সমগ্ৰ ভাৰততে বিজেপি নেতৃত্বাধীন চৰকাৰে ৫৯ টাকৈ চীনৰ এপ নিষিদ্ধ কৰে । তাৰ পাচতে চীনৰ এপ্ সমূহৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়ে কিছুমান বিশেষ এপ্ ।

চীন ৫৯ টা এপ বৰ্জন
চীন ৫৯ টা এপ বৰ্জন

By

Published : Jul 1, 2020, 3:56 PM IST

নিউজ ডেস্ক, ১ জুলাইঃ ভাৰত চৰকাৰে ৩০ জুনত নিষিদ্ধ কৰে চীনৰ ৫৯ টাকৈ এপ । ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ২০ গৰাকী জোৱন শ্বহীদ হোৱাৰ পাচতে সমগ্ৰ ভাৰতত চীনা সামগ্ৰীকে ধৰি চীনৰ এপ ব্যৱহাৰ বৰ্জন কৰিবলৈ দাবী উত্থাপন হোৱা পাচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে গ্ৰহণ কৰে এই ঐতিহাসিক ৰায় । সেয়হে চীনৰ এই এপসমূহ সলনি ভাৰতৰ জনসাধৰণে কি কি ব্যৱহাৰ কৰিব সেয়া বিকল্প হিচাপে আগবঢ়াইছে কিছু নতুন এপ । সেয়া হৈছে.....

আপোনাৰ এপসমূহ সুৰক্ষিত আৰু লক কৰিবলৈ ব্যৱহাৰ কৰক

ফটো, ভিডিঅ' তথা আপোনাৰ ম'বাইলৰ অন্য গোপন তথ্য সুৰক্ষিত তথা লক কৰি ৰাখিবলৈ চীনৰ AppLock আৰু Vault- Hide এপৰ সলনি ব্যৱহাৰ কৰক Lock App-Smart App Locker, Lock App-Fingerprint, KeepSafe, Norton App Lock, LockMyPix Secret Photo Vault আদি এপ সমূহ ।

চীনৰ TikTok, BeautyPlus সলনি ব্যৱহাৰ কৰক এইকেইটা বিকল্প এপ

ব্ৰাউজিঙৰ বাবে ব্যৱহাৰ কৰক

Opera Mini, Google Chrome, Firefox Browser, JioBrowser ৰ দৰে এপসমূহ ।

স্কেন কৰিবলৈ ব্যৱহাৰ কৰক

পূৰ্বতে স্কেন কৰিবলৈ ব্যৱহাৰ কৰা চীন CamScanner সকলি ব্যৱহাৰ কৰক dobe Scan, Microsoft Office Lens, PhotoScan by Google, Dock Scanner -pdf Creator আদি এপ ।

ফটো উঠাবলৈ ব্যৱহাৰ কৰক

Indian Selfie Camera মেক ইন ইণ্ডিয়াৰ দৰে এপ চীনৰ BeautyPlus আৰু YouCam ৰ বিকল্প হিচাপে ব্যৱহাৰ কৰক । তাৰোপৰি PicsArt, Adobe Photoshop, Lightroom, Snapseed আৰু B612 ও ব্যৱহাৰ কৰিব পাৰে ।

ভিডিঅ' সম্পাদনা কৰিবলৈ ব্যৱহাৰ কৰক

ভিডিঅ' কনফাৰেঞ্চৰ বাবে ব্যৱহাৰ হোৱা চীন ZOOM Appৰ সলনি ব্যৱহাৰ কৰক Google Meet, Skype, Microsoft Teams, Google Duo আৰু WhatsApp ফোন ব্যৱহাৰ কৰিব পাৰে ।

tiktok shareit chinese apps banned know best alternatives

ভিডিঅ' প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে

ভাৰতত বহুলভাৱে ব্যৱহাৰ হোৱা TikTok, Vigo Video, Likee and Hello Appৰ সলনি বিকল্প হিচাপে ব্যৱহাৰ কৰক Chingari, ShareChatৰ দৰে এপসমূহ ।

লগতে পঢ়ক :নিঃচিহ্ন হোৱাৰ পথত বাক্সাৰ এখন গাঁও

ABOUT THE AUTHOR

...view details