নিউজ ডেস্ক, 13 জুলাইঃ চীনৰ ভিডিঅ'-শ্বেয়াৰিং ছ'চিয়েল নেটৱৰ্কিং এপ টিকটক সমগ্ৰ বিশ্বৰ প্ৰায় 800 মিলিয়ন জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় ৷ ভাৰতত প্ৰতিটো বয়সৰ লোকৰ মাজত এই চীনা এপটো প্ৰসিদ্ধ ৷ কিন্তু, সম্প্ৰতি চাইবাৰ অপৰাধৰ এক মাধ্যম হৈ পৰিছে এই চীনা এপটো ৷
ভাৰত চৰকাৰে টিকটকসহ 59 টা চীনা এপত নিসেধাজ্ঞা জাৰি কৰিছে ৷ যিসকলে নিয়মিত এই এপটো ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ একাংশই চৰকাৰৰ নিৰ্দেশনা নামানি বেআইনীভাৱে বিভিন্ন পন্থাৰে এই এপটো ডাউনলোড কৰাৰ চেষ্টা চলাই আহিছে ৷ যিসকলে মৰিহজিও এপটো পুনৰ ডাউনলোড কৰাৰ চেষ্টা চলাইছে সেই একাংশ লোকৰ সুযোগ লৈছে চাইবাৰ অপৰাধীয়ে ৷
চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক উল্লেখ্য যে, APK সংস্কৰণৰ মাধ্যমেৰে টিকটক ব্যৱহাৰকাৰীসকলে নিসিদ্ধ এই এপটো ডাউনলোড কৰাৰ চেষ্টা চলাইছে ৷ APK এটা এনেকুৱা ফাইল যিটোৰ জৰিয়তে সংশ্লিষ্ট এপ ডাউনলোড কৰাটো সম্ভৱ ৷ অভিযোগ অনুসৰি, কেবাজনো লোকক এই APK লিংক ডাউনলোড কৰিবলৈ SMS প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়কঃCOVID-19: বিশ্বৰ ভিন্ন দেশৰ সাম্প্ৰতিক তথ্য
এই লিংকটোৰ জৰিয়তে টিকটক পুনৰ ডাউনলোড কৰিব পৰা যাব বুলি ইতিমধ্যে ৱাটছ এপটো এটা মেছেজ ভাইৰেল হৈছে ৷ ভাইৰেল মেছেজটোৰ সৈতে যিটো লিংক দিয়া হয় উক্ত লিংকটোৱে টিকটক ডাউনলোড কৰাত সহায় কৰিব বুলি দাবী কৰিছে ৷ কিন্তু তথ্যানুসৰি, এই মেছেজটো সম্পূৰ্ণ ভুৱা ৷ উক্ত লিংকটো অনলাইন বিজ্ঞাপনৰ শৃংখলা বুলি জানিব পৰা গৈছে ৷
চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক জনসাধাৰণক সত্যতাৰ সৈতে মুখামুখি কৰিবলৈETV ভাৰতে এই লিংক সন্দৰ্ভত সচেতনমূলক বাৰ্তা প্ৰস্তুত কৰি উলিয়াইছে ৷
উল্লেখযোগ্য যে, উক্ত লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ Contact list ৰ নম্বৰসমূহ চাইবাৰ অপৰাধীজনৰ একাউন্টলৈ স্থানান্তৰ হ'ব ৷ বিশেষজ্ঞসকলে প্ৰদান কৰা তথ্য অনুসৰি, একাংশ লোকে ব্যক্তিগত তথ্যসমূহৰ ক্ষেত্ৰত বহুবাৰ আওকাণ কৰা পৰিলক্ষিত হয়, ফলশ্ৰুতিত এপ ব্যৱহাৰকাৰীসকলৰ ফোনৰ পৰা এই malware লিংকসমূহে তথ্যসমূহ সংগ্ৰহ কৰি লয় ৷ টিকটক ব্যৱহাৰকাৰীসকলৰ এই এপটোৰ প্ৰতি থকা আসক্তিৰ সুযোগ লৈ চাইবাৰ অপৰাধীয়ে তেওঁলোকৰ ফোনত malware লিংকটো ডাউনলোড কৰিবলৈ বাধ্য কৰাই আহিছে ৷