অসম

assam

ETV Bharat / bharat

চলিত বৰ্ষৰ অক্টোবৰলৈ চলিব কৃষি আইন বাতিলৰ প্ৰতিবাদ - chakka jam

'আমি দিল্লীত একো নকৰো, তাত থকা ৰজাই ইতিমধ্যে ইয়াক সুৰক্ষিত কৰিছে, এতিয়া আমাৰ অৱৰোধ কৰাৰ কোনো প্ৰয়োজন নাই, ' এই মন্তব্য কৃষি আইন বাতিলৰ প্ৰতিবাদকাৰীৰ ৷ ইয়াৰ উপৰি অহা অক্টোবৰ মাহ পৰ্যন্ত এই আন্দোলন চলিব বুলি সদৰি কৰে ভাৰতীয় কিষান ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে ৷

চলিত মাহৰ অক্টোবৰলৈ চলিব কৃষি আইন বাতিলৰ প্ৰতিবাদ
চলিত মাহৰ অক্টোবৰলৈ চলিব কৃষি আইন বাতিলৰ প্ৰতিবাদ

By

Published : Feb 5, 2021, 11:04 AM IST

Updated : Feb 5, 2021, 12:06 PM IST

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী :নতুন কৃষি আইন বাতিলৰ দাবীত দৃঢ় হৈ শ শ কৃষকে জাৰত অতিবাহিত কৰিছে এটাৰ পাচত আনটো ৰাতি ৷ দিল্লী-উত্তৰ প্ৰদেশ সীমান্তত তেওঁলোকৰ অত্যাধিক সুৰক্ষিত প্ৰতিবাদী স্থান গাজিপুৰত বৃহস্পতিবাৰেও পাৰ কৰিছিল উজাগৰী নিশা ৷ উল্লেখ্য যে,নৱেম্বৰৰ পৰা চলি থকা এই আন্দোলনৰ নেতৃত্ব দি আহিছে ভাৰতীয় কিষান ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে ৷ ইপিনে এই আন্দোলন চলিত বৰ্ষৰ অক্টোবৰ মাহ পৰ্যন্ত চলিব বুলি প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গাজীপুৰ,টিকৰি আৰু সিংগুৰ প্ৰতিবাদী স্থানৰ সুৰক্ষাৰ ক্ষেত্ৰত কটাক্ষ কৰা পৰিলক্ষিত হৈছে ৷ লগতে তেওঁ প্ৰস্তাৱিত ৬ ফেব্ৰুৱাৰী 'চক্কা জাম'ৰ বিৱৰণ সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷ তেওঁ কয় যে দিল্লীত অৱৰোধ কৰা নহ'ব কিন্তু উত্তৰ প্ৰদেশ,হাৰিয়ানা আৰু ৰাজস্থানৰ কিছু অংশ আৰু দক্ষিণৰ ৰাজ্যকে ধৰি বাকী ৰাজধানী অঞ্চলৰ অন্যান্য অংশত অনুষ্ঠিত হ'ব এই প্ৰতিবাদী অনুষ্ঠান ৷

'আমি দিল্লীত একো নকৰো, তাত থকা ৰজাই ইতিমধ্যে ইয়াক সুৰক্ষিত কৰিছে, এতিয়া আমাৰ অৱৰোধ কৰাৰ কোনো প্ৰয়োজন নাই 'এনেদৰে তেওঁ সাংবাদিক সকলক সদৰি কৰে ৷ প্ৰস্তাৱিত 'চককা জাম'ৰ বিষয়ে তেওঁ কয় যে এই কাৰ্যসূচীত তিনি ঘণ্টাৰ বাবে পথ অৱৰোধ কৰা হ'ব। এয়া দিল্লীত নহ'ব কিন্তু দেশৰ অন্যান্য অংশতহে হ’ব । অহা আৰু বন্ধ হোৱা বাহনবোৰক পানী আৰু খাদ্যৰ যোগান ধৰা হ’ব বুলিয়ো প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷

২৬ জানুৱাৰীৰ হিংসাত্মক ঘটনাটোৰ পাচতেই এক সংক্ষিপ্ত নিৰৱতাৰ অন্তত কৃষকসকলৰ প্ৰতিবাদ পুনৰুজ্জীৱিত কৰাৰ কৃতিত্ব দিয়া প্ৰভাৱশালী কৃষক নেতাগৰাকীয়ে কয় যে বিতৰ্কিত আইন বাতিলৰ আন্দোলন অক্টোবৰলৈকে অব্যাহত থাকিব পাৰে ।

এই আন্দোলন চলাই নিয়াৰ বাবে গাঁৱৰ পৰা দুখন ট্ৰেক্টৰ অনা হ’ব,আৰু ট্ৰেক্টৰত অহা প্ৰতিবাদকাৰী সকলে 5 দিনলৈ বাহৰ পাতিব বুলি প্ৰকাশ কৰে ৷ বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰতিবাদী স্থানত উপনীত হোৱা স্বত্বেও চলি থকা প্ৰতিবাদ অৰাজনৈতিক বুলি বজাই ৰখা টিকাইতে কয় যে গাজিপুৰ ভ্ৰমণ কৰা ৰাজনীতিবিদসকলে এইটো কোনো কাৰ্যসূচীৰ অংশ হিচাপে নহয় কৃষকসকলৰ বিষয়ে জনাৰ বাবেহে প্ৰতিবাদস্থলীত উপস্থিত হৈছিল বুলি প্ৰকাশ কৰে ৷

ইফালে,বহুতো কৃষকে দিল্লী-মিৰাট ঘাইপথৰ এটা অংশত অহা অস্থায়ী টাৰ্পল-ছাদৰ আশ্ৰয়ত শিবিৰ পাতিছিল,আনহাতে বহুতে তেওঁলোকৰ ট্ৰেক্টৰ-ট্ৰেইলাৰবোৰ তেওঁলোকৰ বিশ্ৰামৰ স্থান হিচাপে দুগুণ হৈ পৰিছে ।

সীমান্তৰ নিৰাপত্তা ব্যৱস্থা একেই থাকিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে দিল্লী আৰক্ষী উপায়ুক্ত দীপক যাদৱে ৷

লগতে পঢ়ক:বিগত বৰ্ষত কংগ্ৰেছ দলে লাভ কৰিলে 139 কোটিৰো অধিক অনুদান

Last Updated : Feb 5, 2021, 12:06 PM IST

ABOUT THE AUTHOR

...view details