নেশ্যনেল ডেস্ক, 25 মে': তিহাৰ জেলৰ প্ৰথমজন ব্যক্তি আক্ৰান্ত গ'ল মাৰাত্মক কৰ'ণা ভাইৰাছত ৷ জেল কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, 45 বৰ্ষীয় এজন সহকাৰী প্ৰবন্ধক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ 7 নং চেন্ট্ৰেল জেলত কৰ্মৰত সহকাৰী প্ৰবন্ধক গৰাকী তিহাৰ জেলৰ ষ্টাফ ৰেচিডেন্সিয়েল কমপ্লেক্সৰ আৱাসী ৷
মহানিৰ্দেশক (জেল) সন্দীপ গোয়েলে জানিবলৈ দিয়া অনুসৰি, শুকুৰবাৰে আক্ৰান্ত ব্যক্তিগৰাকীয়ে চুটি লৈ নিজ পৰিয়ালক লগ কৰিবৰ বাবে ঘৰলৈ যাব বিচাৰিছিল ৷ এই সময়ছোৱাত তেওঁ কোনো লক্ষণ প্ৰদৰ্শন কৰা নাছিল বুলি কয় গোয়েলে ৷
কিন্তু, ঘৰলৈ যোৱাৰ পূৰ্বে 22 মে'ত তেওঁ অমৰাপলী হাস্পতালত COVID-19 পৰীক্ষণ কৰাইছিল আৰু দেওবাৰে তেওঁক পজিটিভ ঘোষণা কৰা হৈছিল ৷
জেল কৰ্তৃপক্ষৰ মতে, যিহেতু সহকাৰী অধীক্ষক গৰাকী পজিটিভ পোৱা গ'ল সেয়েহে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক বিচাৰি উলিওৱা হৈছে ৷ আন এজন জেল ষ্টাফে আক্ৰান্ত লোকজনৰ সংস্পৰ্শলৈ অহা বুলি জনোৱাত তেওঁৰ পৰীক্ষা কৰা হৈছে যদিও বৰ্তমানলৈকে তেওঁৰ পৰীক্ষাৰ ফলাফল লাভ কৰা নাই ৷ এই লোকজনক বৰ্তমান ঘৰুৱা কোৱাৰান্টাইনলৈ প্ৰেৰণ কৰা হৈছে ৷