নিউজ ডেস্ক, 6 এপ্ৰিল : আমেৰিকাৰ ডিপাৰ্টমেন্ট অৱ এগ্ৰিকালচাৰে জনোৱা তথ্য অনুসৰি সেই বাঘিনী জনীৰ ধৰে আন পাঁচটা বাঘ আৰু এটা সিংহৰো একে লক্ষণ পৰিলক্ষিত হোৱাত নাদিয়াৰ পৰা নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
যদিও জন্তুকেইটাৰ ভোক কম হোৱা পৰিলক্ষিত হৈছে, কিন্তু ব্ৰংক্স চিৰিয়াখানাই মেকুৰী প্ৰজাতিৰ জীৱ কেইটা চিকিৎসা কৰি থকাৰ লগতে সতৰ্ক আৰু সিহঁতৰ পৰিচাৰকৰ সৈতে যোগাযোগ কৰি আছে ৷ বাঘৰ দেহত এই ৰোগৱ কেনেকৈ সংক্ৰমণ হ'ল সেইয়া নিশ্চিত হোৱা নাই, কিয়নো আন জন্তু সমূহে নভেল সংক্ৰমণৰ ক্ষেত্ৰত কিছুমান আন ধৰণৰ লক্ষণহে পৰিলক্ষিত হৈছে ৷ জন্তুকেইটাক নিয়মীয়াকৈ নিৰীক্ষণ কৰাৰ লগতে আৰোগ্য কৰাৰ বাবে চেষ্টা চলোৱা হৈছে বুলি জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই ৷