অসম

assam

By

Published : Jun 7, 2020, 9:09 PM IST

ETV Bharat / bharat

অৱশেষত বন বিভাগে আৱদ্ধ কৰিবলৈ সক্ষম হ'ল জন মানসত সন্ত্ৰাস চলাই থকা চৰানক

দেওঁবাৰে মধ্য প্ৰদেশৰ ৰিহায়শী অঞ্চলত বিচৰণ কৰি থকা এটা বাঘক ভূপালৰ বন বিভাগে আৱদ্ধ কৰি সক্ষম হয় । অঞ্চলজুৰি সন্ত্ৰাস চলাই থকা বাঘটোক বৰ্তমান বাঘ সংৰক্ষিত অঞ্চলত ৰখা হৈছে ।

tiger-straying-in-human-habitats-quarantined-at-national-park
tiger-straying-in-human-habitats-quarantined-at-national-park

নিউজ ডেস্ক, ৭ জুন : লক্ ডাউনৰ মাজতে দেওঁবাৰে মধ্য প্ৰদেশৰ ৰিহায়শী অঞ্চলত বিচৰণ কৰি থকা এটা বাঘক ভূপালৰ বন বিভাগে আৱদ্ধ কৰি সক্ষম হয় । এগৰাকী বন বিষয়াই জনোৱা অনুসৰি, আৱদ্ধ কৰা বাঘটোৰ নাম চাৰণ । যিয়ে অঞ্চলটিত বিগত বহু দিনৰ পৰাই সন্ত্ৰাস চলাই আহিছিল ।

তথ্য অনুসৰি বাঘটোৱে ২০১৮ চনৰ অক্টোবৰ মাহত মহাৰাষ্ট্ৰত দুজন লোকক আক্ৰমণ কৰিছিল । কিন্তু দীৰ্ঘদীন ধৰি বাঘটোক বন বিভাগে আৱদ্ধ কৰিবলৈ সক্ষম হোৱা নাছিল । কিন্তু দেওঁবাৰে বাঘটোক আৱদ্ধ কৰি বাঘ সংৰক্ষিত এলেকাত মুকলি কৰিবলৈ সক্ষম হৈছিল ।

জানিব পৰা মতে, বাঘটোক বৰ্তমান প্ৰাকৃতিক পৰিবেশৰ মাজত ৰখা হৈছে ।

অঞ্চলজুৰি বাঘটোৱে সন্ত্ৰাস চলাই থকাৰ পিছত প্ৰথমবাৰৰ বাবে ২০১৮ চনৰ ডিচেম্বৰত বাঘটোক বন বিভাগে আৱদ্ধ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : ষ্টাৰ্ট আপৰ সফলতাৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে

ABOUT THE AUTHOR

...view details