বাঘ্ৰ গণনা সম্পন্ন: সমগ্ৰ ভাৰতত ওলাল 2967 টা বাঘ - Rise in tiger population
ষ্টেটাছ অৱ টাইগাৰছ ইন্ ইণ্ডিয়াই প্ৰকাশ কৰিলে প্ৰতিবেদন ৷ সমগ্ৰ ভাৰতত আছে 2967 টা বাঘ ৷
নিউজ ডেস্ক, 30 জুলাইঃ শেহতীয়াকৈ 'ষ্টেটাছ অৱ টাইগাৰছ ইন্ ইণ্ডিয়াই' দেশত বাঘৰ সংখ্যা সন্দৰ্ভত প্ৰকাশ কৰিছে চূড়ান্ত প্ৰতিবেদন ৷ প্ৰতিবেদনখনে সমগ্ৰ দেশত 2967 টালৈ বনৰজাৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভেদ লাভ কৰিছে ৷ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, 2014 ৰ পৰা 2018 ৰ সময়ছোৱাত বাঘৰ সৰ্বমুঠ সংখ্যাত আঠ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ সোমবাৰে প্ৰতিবেদন প্ৰকাশ কৰা অনুষ্ঠানত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত বাঘৰ সৰ্বাধিক উপস্থিতি ধৰা পৰাৰ লগতে মধ্যপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশত বাঘৰ সৰ্বাধিক বৃদ্ধি হাৰ পৰিলক্ষিত হয় ৷ তদুপৰি দুৰ্বল নমুনা জৰীপৰ কাৰণে দেশৰ উত্তৰ-পূব অঞ্চলত সমীক্ষাত যথেষ্ট বেমেজালিৰ সৃষ্টি হয় ৷ কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ উদ্যোগত আৰু ৰাজ্যিক বন বিভাগৰ সহযোগত সম্পন্ন হোৱা বাঘ গণনা কাৰ্যত ছট্টিছগড় আৰু উৰিষ্যাত দেখা দিয়া বাঘৰ সংখ্যা হ্ৰাস হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰতিবেদনখনে ৷ বাঘ গণনা প্ৰক্ৰিয়াত মুঠ 381400 কি.মি. অৰণ্য অঞ্চলৰ 20 খন বাঘৰ প্ৰজাতি থকা ৰাজ্যক সামৰি লোৱা হৈছিল ৷ আনহাতে এই জৰীপ প্ৰক্ৰিয়াত 26,838 টা চিহ্নিত এলেকাত কেমেৰাৰ সংস্থাপন কৰা হৈছিল আৰু উক্ত কেমেৰাৰ জৰিয়তে 76,651 খন ঢেকিয়াপতীয়াৰ ছবি আৰু 51,777 খন নাহৰফুটুকীৰ ফটো লোৱা হৈছিল ৷ সম্পন্ন জৰীপৰ পৰা জানিব পৰা গৈছে যে 2006 ৰ পৰা 2018 লৈকে সময়ছোৱাত বাঘৰ বৃদ্ধি হাৰ 6 শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে পশ্চিম বংগৰ বাস্কা , ঝাৰখণ্ডৰ পালামু আৰু মিজোৰামৰ ডাম্পাত কোনো বাঘ পোৱা নগ'ল ৷