নিউজ ডেস্ক, 4 অক্টোবৰঃভাৰত আৰু বাংলাদেশৰ মাজত ব্যৱসায়িক আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্বন্ধৰ প্ৰতি অত্যাধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৷
ভাৰত-বাংলাদেশৰ ব্যৱসায়িক সন্থা (India-Bangladesh Business Forum) ৰ এক উদ্বোধনী অনুষ্ঠানত হাছিনাই কয় যে, দুয়োখন দেশৰ মাজত বেপাৰ আৰু বিনিয়োগৰ হাৰ পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে ৷ কিন্তু বৰ্তমানো বাণিজ্যৰ ভাৰাসাম্য ভাৰতৰ পক্ষত আছে বুলি উল্লেখ কৰে হাছিনাই ৷ বেপাৰ আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সম্বন্ধ অধিক দৃঢ় কৰাৰ লগতে দুয়োখন দেশৰ দ্বিপাক্ষিক সমন্ধই এক উচ্চ শিখৰত উপনীত হ’ব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
বাংলদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা হাছিনাই কয়, মোৰ বিশ্বাস আছে অনাগত দিনত দুয়োখন দেশৰ মাজত সমন্ধই উচ্চ শীখৰত অৱতীৰ্ণ হ’ব ৷ দুয়োখন দেশৰ মাজত সুৰক্ষা, শক্তি, সম্পৰ্ক, বাণিজ্য, বিনিয়োগ, সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত সম্পৰ্ক গঢ়ি উঠিছে ৷ ইপিনে 1971 চনৰ স্বাধীনতা সংগ্ৰামত ভাৰতৰ যোগদানৰ কথা সুৱৰি হাছিনাই কয়, স্বাধীনতা সংগ্ৰামৰ সময়তে পোন-প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশৰ সমন্ধ গঢ়ি উঠিছিল ৷
আনহাতে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে কয়, বাংলাদেশে ভাৰতীয় বিনিয়োগকাৰী সকলৰ বাবে তিনিটা বিশেষ অৰ্থনৈতিক মণ্ডল (SEZ) তৈয়াৰ কৰিব বুলি উল্লেখ কৰি অৰ্থনৈতিক সমন্ধক অধিক সু-দৃঢ় কৰিবলৈ বিনিয়োগকাৰীক আমন্ত্ৰণ জনায় ৷ 3 টা বিশেষ অৰ্থনৈতিক মণ্ডল (SEZ)ত বিনিয়োগ কৰিলে বাংলাদেশৰ অৰ্থনীতিৰ বাবে ফলপ্ৰসূ হ’ব বুলি কয় হাছিনাই ৷ বৰ্তমান চাৰিদিনীয়া ভাৰত ভ্ৰমণত আছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে মিলিত হ’ব বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী ৷