নিউজ ডেস্ক, 22 মে': দেশৰ নিৰ্বাচিত ৰে'লৱে ষ্টেচনত শুকুৰবাৰৰ পৰা উপলব্ধ হ'ব টিকট সংৰক্ষণৰ ব্যৱস্থা । ৰে'লৱে বিভাগে প্ৰকাশ কৰে এই কথা ৷ আজিৰে পৰা যাত্ৰীয়ে টিকটসমূহ সাধাৰণ সেৱা কেন্দ্ৰ (CSC)ৰ পৰা বা টিকটৰ এজেন্টৰ পৰা যাত্ৰীসকলে টিকট পঞ্জীয়ন কৰিব পাৰিব । স্থানীয় লোকৰ প্ৰয়োজন অনুসৰি টিকট কেন্দ্ৰ সমূহ চৰ্ত সাপেক্ষে খুলিবলৈ মণ্ডল ৰে'লৱে সমূহক নিৰ্দেশনা দিয়া হৈছে । টিকট পঞ্জীয়ন কেন্দ্ৰ সমূহ 25 মাৰ্চৰ পৰা সমগ্ৰ দেশ জুৰি বলৱৎ কৰা লক ডাউনৰ দিনাৰ পৰাই বন্ধ হৈ আছিল ।
উল্লেখ্য যে, কালিৰ দিনটোত ৰে'ল মন্ত্ৰী পীয়ুশ গোৱেলে সমগ্ৰ দেশৰ 1.7 লাখ সাধাৰণ সেৱা কেন্দ্ৰত ৰেলৰ টিকট পঞ্জীয়ন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা হ'ব বুলি প্ৰকাশ কৰিছিল । ইয়াৰ ফলত যি সমূহ স্থানত ইন্টাৰনেট উপলব্ধ নহয় বা ইন্টাৰনেট ব্যৱহাৰ নকৰা যাত্ৰীসকল উপকৃত হ'ব বুলি উল্লেখ কৰে ।