কলিকতা, 23 জুনঃ শনিবাৰে পশ্চিমবংগৰ কলিকতাত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীৰ মাজত সংঘটিত হোৱা গুলিয়াগুলী সংঘষত তিনিজন ব্যক্তি গুৰুতৰভাৱে আহত হয় ৷ পশ্চিমবংগৰ বাংকুৰা জিলাৰ পঞ্চচায়াৰত সংঘটিত হয় এই ঘটনা ৷ আহতসকলক বাংকুৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
পশ্চিম বংগত তৃণমূল কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত; আহত তিনি - kolkata
ক্ৰমাৎ উত্তাল হৈ পৰিছে পশ্চিমবংগৰ ৰাজনৈতিক পৰিৱেশ ৷ ৰাজ্যখনত প্ৰায়েই সংঘটিত হৈছে তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীৰ মাজত সংঘৰ্ষ ৷
তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীৰ মাজত হতাহতি, আহত তিনি
ৰাজ্যখনৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মন্ত্ৰী সুভেন্দু অধিকাৰীৰ নেতৃত্বত উলিওৱা এই ৰেলীত বিজেপি কৰ্মীয়ে "জয় শ্ৰী ৰাম" ধ্বনিৰে পৰিবেশ উত্তাল কৰাৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷