নিউজ ডেস্ক, 2 আগষ্টঃ ঘাংঘৰা নৈৰ বাঢ়নী পানীত সলিল সমাধি ঘটিল তিনিজনকৈ লোকৰ ৷ দেওবাৰে উত্তৰ প্ৰদেশৰ বাহৰাইচ জিলাৰ উপায়ুক্ত সদৰি কৰে এই কথা ৷ জিলাখনৰ অতিৰিক্ত দণ্ডাধীশ জয় পাণ্ডেয়ে জনাই যে, নেপালৰ পৰা পানী এৰাৰ লগে লগে নৈখনে ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ ইতিমধ্যে ঘাংঘৰা নৈৰ প্ৰলয়ংকাৰী বানত বুৰ গৈছে জিলাখনৰ 60 খনতকৈ অধিক গাঁও ৷
ঘাংঘৰা নৈত সলিল সমাধি তিনিজনৰ - Ghangra river UP latest news
নেপালৰ পৰা পানী এৰাৰ লগে লগে নৈখনে ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ ইতিমধ্যে ঘাংঘৰা নৈৰ প্ৰলয়ংকাৰী বানত বুৰ গৈছে জিলাখনৰ 60 খনতকৈ অধিক গাঁও ৷
ঘাংঘৰা নৈত সলিল সমাধি তিনিজনৰ
লগতে পঢ়কঃবাক্সাত হাতীৰ গচকত নিহত এজন
বানৰ ফলত নিহত হোৱা তিনিজন লোক ক্ৰমে 16 বছৰীয়া পুণ্ডী, বণ্ডিৰ নিবাসী 14 বছৰীয়া সন্তোষ আৰু 35 বছৰীয়া ৰাম চবৰে বুলি চিনাক্ত কৰিছে ৷ পোষ্টমৰ্টেমৰ পাছত হে মৃতদেহ কেইটা পৰিয়ালক চমজাই দিয়া হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷