নেশ্বনেল ডেস্ক, 16 জানুৱাৰীঃসদ্য প্ৰকাশিত এখন জাৰ্ণেল অনুসৰি, জুল'জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ কেইগৰাকীমান বৈজ্ঞানিকে অৰুণাচল প্ৰদেশৰ নামনি সোৱনশিৰি জিলাত সৰু ভেকুলীৰ তিনিটা নতুন প্ৰজাতি আৱিষ্কাৰ কৰে ৷
বৈজ্ঞানিক ভাস্কৰ শইকীয়াৰ তথ্য অনুসৰি, এই ভেকুলীৰ আকাৰ ইমানেই সৰু যে টকাৰ এটা মুদ্ৰাত বহিব পাৰিব ৷ টেল ভেলী বনাঞ্চলত আৱিষ্কাৰ কৰি উলিওৱা এই নতুন প্ৰজাতি কেইটাক 'লিউৰানা হিমালয়', 'লিউৰানা ইণ্ডিকা'আৰু 'লিউৰানা মিনুটা'নামাকৰণ কৰা হৈছে ৷
এই নতুন প্ৰজাতিৰ ভেকুলীৰ নমুনাসমূহ জুল'জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ আন এগৰাকী বৈজ্ঞানিক বিক্ৰমজিৎ সিনহাৰ দ্বাৰা 2015-16 চনৰ জৈৱ বৈচিত্ৰৰ নথিভুক্তিৰ অংশ হিচাপে একত্ৰিত কৰিছিল ৷ বৈজ্ঞানিক শইকীয়া আৰু সিনহাৰ দ্বাৰা যুটীয়াভাৱে লিখিত এই অধ্যয়ন এখন বিজ্ঞান পত্ৰিকা'দা ৰেকৰ্ডছ অৱ দা জুল'জিকেল চাৰ্ভে অৱ ইণ্ডিয়া'ত প্ৰকাশিত হৈছে ৷ য'ত এই প্ৰজাতি সমূহক নতুন আৱিষ্কাৰ হিচাপে উল্লেখ কৰা হৈছে ৷ ইয়াৰ পূৰ্বেও বৈজ্ঞানিক শইকীয়া আৰু সিনহাই টেল ভেলী বনাঞ্চলত'মেগ'ফ্ৰীছ পেছীপ্ৰক্টাছ'নামৰ আন এক দুৰ্লভ প্ৰজাতিৰ ভেকুলী আৱিষ্কাৰ কৰিছিল ৷
লগতে পঢ়কঃ ইৰাণী বৈদেশীক মন্ত্ৰীৰ 3 দিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচী