অসম

assam

দিল্লীত ১১ খন ব্যক্তিগত হাস্পতালত কৰা হ'ব কোভিড ১৯ ৰ চিকিৎসা

By

Published : Jun 4, 2020, 2:56 PM IST

ৰাজধানী চহৰ দিল্লীত তিনিখন ব্যক্তিগত হাস্পতালত কোভিড-১৯ চিকিৎসাৰ বাবে সংলগ্ন কৰা হৈছে। দৈনিক দ্ৰুত গতিত বৃদ্ধি পোৱা কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। সম্প্ৰতি দিল্লীত মুঠ ১১ খন ব্যক্তিগত হাস্পতালত কোভিড-১৯ আক্ৰান্ত লোকৰ চিকিৎসা কৰা হয়।

covid 19 hospital
three more hospitals declared as corona hospital in delhi

নিউজ ডেস্ক, ৪ জুনঃ ৰাজধানী দিল্লীত দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। বৰ্তমানলৈকে ২৩ হাজাৰ অতিক্ৰম কৰিছে ৰোগীৰ সংখ্যাই। প্ৰতিদিনে প্ৰায় ডেৰ হাজাৰ লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। দৈনিক দ্ৰুত গতিত বৃদ্ধি পোৱা কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে হাস্পতালৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে।

দিল্লীত ১১ খন ব্যক্তিগত হাস্পতালত কৰা হ'ব কোভিড ১৯ ৰ চিকিত্সা

ৰাজধানী চহৰখনত তিনিখন ব্যক্তিগত হাস্পতালত কোভিড-১৯ চিকিৎসাৰ বাবে সংলগ্ন কৰা হৈছে। ১২৭ খন বিচনাযুক্ত মুলচান্দ খৈৰাতী হাস্পতাল,১৩৯ খন বিচনাযুক্ত সৰোজ চুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু ৫০৮ খন বিচনাযুক্ত চাৰ গংগাৰাম হাস্পতালত কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰা হ'ব।

এই তিনিওখন হাস্পতালত ক্ৰমে ১৪,১৫ আৰু ৫১ খন বিচনা আৰ্থিকভাৱে দুৰ্বল লোক (Economically Weaker Section)ৰ বাবে সংৰক্ষণ কৰা হ'ব। এই শ্ৰেণীৰ লোকে বিনামূলীয়াকৈ চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব।

দিল্লীৰ চৰকাৰী হাস্পতালত কোভিড-১৯ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া যদিও ব্যক্তিগত হাস্পতালত চিকিৎসাৰ ব্যয় ৰোগীয়ে নিজে বহন কৰিব লাগিব। সম্প্ৰতি ৰাজধানী চহৰ দিল্লীত মুঠ ১১ খন ব্যক্তিগত হাস্পতালত কোভিড-১৯ আক্ৰান্ত লোকৰ চিকিৎসা কৰা হয় । ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ ৪ খন হাস্পতাল আৰু দিল্লী চৰকাৰৰ ৩ খন হাস্পতালত কৰ'ণাৰ চিকিৎসা কৰাৰ সুবিধা আছে।

লগতে চাওকঃ বানৰ কবলত পুৰণিগুদামৰ বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details