নিউজ ডেস্ক, 22 জুন :কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত তামিলনাডুত দুগৰাকী নাবালকক আটক ৷ ঘটনাত জড়িত তৃতীয়গৰাকী অভিযুক্ত বৰ্তমানেও পলাতক ৷ কোইম্বাটুৰত সংঘটিত হৈছে এই ঘটনা ৷ সুন্দৰপুৰমত নিজৰ পিতৃৰ সৈতে এটা ভাৰাঘৰত বাস কৰে কিশোৰীগৰাকীয়ে ৷ কেইদিনমান পূৰ্বে ভাৰাঘৰৰ মালিকৰ ঘৰত টিভি চাবলৈ গৈছিল কিশোৰীগৰাকী ৷ ঘৰটোত সোমাই যাওঁতেই তাই দুজন ল'ৰাই ম'বাইলত অশ্লীল ভিডিঅ' চাই থকা প্ৰত্যক্ষ কৰে ৷ তাই লগে লগে তাৰ পৰা ঘৰলৈ গুচি আহে ৷
পাচত ল'ৰা দুটাই কিশোৰীগৰাকীক পিচা কৰে আৰু তাইৰ কোঠাত প্ৰৱেশ কৰি কেইবা বাৰো উপৰ্যুপৰি যৌন নিৰ্যাতন চলায় ৷ তিনি অভিযুক্তই কিশোৰীগৰাকীক সিহঁতৰ ফোনত অশ্লীল ভিডিঅ' চাবলৈ জোৰ কৰে আৰু পিচৰ সপ্তাহো অনুৰূপ ধৰণে যৌন নিৰ্যাতন চলায় ৷