নিউজ ডেস্ক,12 নৱেম্বৰ :চেন্নাইৰ বিনায়গা পথস্থিত এটি বাসগৃহত তিনিগৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ হয় ৷ একেটা পৰিয়ালৰে তিনিওগৰাকী ব্যক্তি ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হয় ৷
মৃত লোককেইজন তালি চান্দ,তেওঁৰ পত্নী পুষ্পা বাই আৰু সন্তান শীতল বুলি চিনাক্ত হৈছে ৷ লক ডাউনৰ সময়ত ৰাজস্থানৰ পৰা চেন্নাইলৈ আহিছিল পৰিয়ালটো ৷ চেন্নাইত এখন অৰ্থনৈতিক ফাৰ্ম চলাই আছিল তালি চান্দে ৷