অসম

assam

ETV Bharat / bharat

বাংগালুৰুত হিংসাত্মক ঘটনাঃ 10জন আহত, 3 জনৰ মৃত্য়ু - বাংগালুৰুত হিংসাত্মক ঘটনা

বাংগালুৰুৰ অংকিড শ্ৰীনিবাস মূৰ্তিৰ সম্বন্ধীয় ভাতৃয়ে ছ'চিয়েল মিডিয়াত এটা বিশেষ সম্প্ৰদায়ক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবে সংঘটিত হয় হিংসাত্মক ঘটনা ৷ যাৰ ফলত মৃত্যু হয় তিনি গৰাকীকৈ ব্যক্তিৰ ৷ এই ঘটনাৰ বাবে বাংগালুৰুত ইতিমধ্যে 144 ধাৰা জাৰী কৰাৰ উপৰিও বিধায়কজনৰ ভাতৃ নবীনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

বাংগালুৰু
বাংগালুৰুত হিংসাত্মক ঘটনাঃ 10 আহত, 3 মৃত্য়ু

By

Published : Aug 12, 2020, 11:54 AM IST

Updated : Aug 12, 2020, 12:16 PM IST

নিউজ ডেস্ক, 12 আগষ্টঃ কৰ্ণাটকৰ বাংগালুৰুত হিংসাত্মক ঘটনা ৷ বিধায়ক পুলাকেশী নগৰত মঙলবাৰে নিশা কংগ্ৰেছী বিধায়কৰ ঘৰত আক্ৰমণ ৷ বিধায়ক অংকিড শ্ৰীনিবাস মূৰ্তিৰ এজন সম্বন্ধীয় ভাতৃয়ে ছ'চিয়েল মিডিয়াত এটা সম্প্ৰদায়ক লৈ এটা পোষ্ট কৰাৰ পাচতে সংঘটিত হয় এই ঘটনা ৷ আনহাতে,এই পৰ্যন্ত এই হিংসাত্মক ঘটনাত মৃত্যু হৈছে তিনি গৰাকী ব্যক্তিৰ আৰু আহত হৈছে প্ৰায় 10 জন ব্যক্তি ৷ তাৰোপৰি ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত অভিযুক্ত নবীনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলি মত প্ৰকাশ কৰে বাংগালুৰুৰ আৰক্ষী অধীক্ষক কমল পন্তে ৷

বাংগালুৰুত হিংসাত্মক ঘটনাঃ 10জন আহত, 3 জনৰ মৃত্য়ু

এই হিংসাত্মক ঘটনাৰ বাবেই ইতিমধ্যে বাংগালুৰু চহৰত 144 ধাৰা জাৰী কৰাৰ উপৰিও ডিজে হল্লী আৰু কেজি হল্লী আৰক্ষী থানাত সান্ধ্য আইন জাৰি কৰে ৷ ইয়াৰ উপৰিও ঘটনা সন্দৰ্ভত বৰ্তমান পৰ্যন্ত 147 গৰাকীৰো অধিক অভিযুক্ত গ্ৰেপ্তাৰ কৰে বুলি সদৰি কৰে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ জম্মু-কাশ্মীৰত চাৰ্ভিচ পিষ্টলেৰে গুলিয়াই আত্মহত্যাৰ চেষ্টা জোৱানৰ

Last Updated : Aug 12, 2020, 12:16 PM IST

ABOUT THE AUTHOR

...view details