অসম

assam

ETV Bharat / bharat

ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মীয়ৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি - চৱন মোহব্বত আৰু শ্বাহৰুখ খানক আটক

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ৰাইনাৰ আত্মীয়ৰ হত্যাৰ অভিযোগত অভিযুক্ত তিনি ৷ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে প্ৰদান কৰে এই তথ্য ৷

Three held for murder of Suresh Raina's relatives: Punjab CM
ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মীয়ৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি

By

Published : Sep 16, 2020, 5:44 PM IST

নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ :পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে বুধবাৰে মন্তব্য কৰে যে, ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মীয়ক আক্ৰমণ তথা হত্যাৰ গোচৰত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এটা আন্তঃৰাজ্যিক অপৰাধী দলৰ সদস্য এই তিনি অভিযুক্ত ৷

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিং

ডিজিপি দিপাংকৰ গুপ্তাই কয় যে, পাঠানকোট জিলাৰ থাৰিয়ালত 19 আগষ্টত সংঘটিত হোৱা হত্যাকাণ্ডৰ অন্য 11 জন অভিযুক্তৰ সন্ধান চলাই থকা হৈছে ৷

তথ্য অনুসৰি, দূৰ্বৃত্তৰ আক্ৰমণৰ ফলত ৰাইনাৰ খুড়াক অশোক কুমাৰৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে পুত্ৰ কৌশল কুমাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, বৰ্তমান সংকটজনক অৱস্থাত আছে অশোক কুমাৰৰ পত্নী আশা ৰানী ৷ পৰিয়ালৰ অন্য দুজন লোকো এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছিল যদিও ইতিমধ্যে তেওঁলোকক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে ৷

ঘটনাৰ পাচতে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে অমৃতসৰৰ বৰ্ডাৰ ৰেঞ্জৰ আইজিপিৰ অধীনত বিশেষ তদন্তকাৰী দলক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল ৷

ডিজিপি দিপাংকৰ গুপ্তাই জানিবলৈ দিয়া অনুসৰি, আটকাধীন দুজন লোক হৈছে চৱন মোহব্বত আৰু শ্বাহৰুখ খান ৷ দুয়োগৰাকী অভিযুক্ত ৰাজস্থানৰ বাসিন্দা ৷ আনহাতে, মোহব্বত আৰু খানৰ পৰা দুটাকৈ সোণৰ আঙুঠি, এটা সোণৰ চেইন, 1,530 নগদ টকা আৰু দুডাল কাঠৰ লাঠি উদ্ধাৰ কৰিছে ৷

লগতে পঢ়ক :ইউ এছ অ’পেন : কেৰিয়াৰৰ তৃতীয়টো গ্ৰেণ্ডশ্লাম জয় নাওমী অ’ছাকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details