নিউজ ডেস্ক,৬আগষ্ট: সন্দেহজনক ভাৱে ঘূৰি থকা অৱস্থাত ভাৰত পাক সীমান্তৰ কাষতে অৱস্থিত হিন্দুমালক'ট নামৰ এক অঞ্চলত বৃহস্পতিবাৰে আৰক্ষীয়ে তিনিজন নাগৰিকক আটক কৰিছে ।
কোথা তালাচী চকীৰ সমীপত পথটোৰে যাত্ৰা কৰা সকলো বাহনকে ধৰি যাত্ৰীৰ স্ক্ৰিনিঙৰ সময়ত DL-9 CU 6021 নম্বৰৰ এখন বাহনেৰে গৈ থকাৰ অৱস্থাত এগৰাকী মহিলা সহ তিনিজন সন্দেহজনক ব্যক্তিক আৰক্ষীয়ে আটক কৰিছিল ।
ভাৰত পাক সীমান্তত সন্দেহজনক অৱস্থাত তিনিজন বিদেশী নাগৰিকক আটক আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানৰ দ্বাৰা জানিব পৰা মতে, আটকাধীন তিনিওগৰাকী ইৰানৰ নাগৰিক আৰু তেওঁলোকে বিনা পাৰপত্ৰৰেই ভাৰতত প্ৰৱেশ কৰিছিল ।
তালাচী চকীত সন্দেহজনক অৱস্থাত আটক কৰা তিনিওকে অধিক সোধপোচৰ বাবে সমীপৱৰ্তী আৰক্ষী থানালৈ নিয়া হয় । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা তথ্য মতে, আটকাধীন তিনিওজন এটা ডকাইটিৰ ঘটনাত জড়িত আছিল । বৰ্তমান অনুসন্ধানকাৰী সন্থাৰ লোক আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াই তিনিওকে জেৰা অৱ্যাহত ৰাখিছে ।