গুৱাহাটী, 29 মে’: ঝাৰখণ্ডৰ চাৰাইকেল্লাৰ কুল্ছাই অঞ্চলত মঙলবাৰে পুৱতি নিশা বিস্ফোৰণ হয় এটা আই ই ডি৷ আই ই ডি বিস্ফোৰণটোত 209 CoBRAৰ 13 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ তেওঁলোকৰ মাজতে আছিল তিনিগৰাকী অসমৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান ৷
আহত জোৱান কেইগৰাকী, কামৰূপ জিলাৰ বকোৰ মিজানুৰ ৰহমান, (ডিমু) ৰঙিয়াৰ সুনিল কলিতা আৰু নগাঁও জিলাৰ হোজাই সম্ভু মল্লহ বুলি জানিব পৰা গৈছে ৷ আহত লোক সকলক উন্নত চিকিৎসাৰ বাবে আকাশমাৰ্গেৰে ৰান্সীৰ ভগৱান মহাবীৰ মেডিকা চুপাৰ স্পেছিয়েলিটি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
ঝাড়খণ্ডৰ নক্সালবাদী বিস্ফোৰণত আহত অসমৰ জোৱান ঘটনাটোত আহত জোৱান মিজানুৰ ৰহমানৰ পত্নী বিউটি বেগমে জনাই যে, বিস্ফোৰণ সংঘটিত হোৱাৰ পাচত প্ৰায় 6:27 বজাত ফোনযোগে যোগাযোগ কৰিছিল বিউটি বেগমক লগতে কঁকাল আৰু বাওঁহাতত আঘাত পোৱা বুলিও জনায় জোৱানগৰাকীয়ে৷ ইয়াৰোপৰিও, তেওঁৰ সতীৰ্থ সুনিল কলিতাৰ অস্ত্ৰোপচাৰ চলি থকা কথাও ব্যক্ত কৰে পত্নীক ৷
আহত জোৱান কেইগৰাকী মিজানুৰ ৰহমান, সুনিল কলিতা, সম্ভু মল্লহ উল্লেখ্যযোগ্য যে, যোৱা বছৰ ঝাৰখণ্ডত প্ৰায় একেধৰণৰ ঘটনাত অসম-মেঘালয় সীমান্তৱৰ্তী বাজেংডোবাৰ ২০৯ ক'ব্ৰা বাহিনীৰে উৎপল ৰাভাৰ মৃত্যু হৈছিল ৷ চহিদ উৎপল ৰাভাৰ মৃতদেহঝাৰখণ্ডৰ পৰা তেওঁৰ ঘৰলৈ আনোতে সেই দলতে আছিল মিজানুৰ ৰহমানো ।