নেশ্যনেল ডেস্ক, 4 অক্টোবৰ:ছ'চিয়েল মিডিয়াত এগৰাকী মহিলাৰ মৰ্ফ ফটো শ্বেয়াৰ কৰাৰ পাচত, এজন চিকিৎসক আৰু ধাৰাবাহিকৰ এজন অভিনেতাসহ 3 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
তিৰুৱন্তপুৰমৰ ফোৰ্ট আৰক্ষী চকীৰ লোকে চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ সুবু, ধাৰাবাহিকৰ অভিনেতা জছমেৰ খান আৰু ডাঃ সুবুক মিছা ছিম দিয়াৰ ক্ষেত্ৰত সহায় কৰা শ্ৰীজিতক ৷
বৰকালাৰ এগৰাকী মহিলাৰ মৰ্ফড ফটো তেওঁৰ স্বামীৰ লগতে সম্পৰ্কীয় লোকক প্ৰেৰণ কৰে ৷ অভিযুক্ত কেইজনে ধাৰাবাহিকভাৱে মিছা ঠিকনা আৰু নামেৰে মহিলাগৰাকীক বদনাম কৰাৰ বাবে চিঠিও প্ৰেৰণ কৰিছিল ৷