অসম

assam

ETV Bharat / bharat

নিজৰ লগতে পৰিয়াললৈ ভাবুকি, নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে ৰিয়া - পৰিয়ালৰ জীৱনৰ প্ৰতি ভাবুকি

নিৰাপত্তা বিচাৰি আৰক্ষীক অনুৰোধ জনাইছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তীয়ে । নিজৰ আৰু পৰিয়ালৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে বুলি দাবী কৰি মুম্বাই আৰক্ষীক নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৰিয়াই ।

নিজৰ আৰু পৰিয়ালৰ জীৱনক লৈ শংকা, নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে ৰিয়া
নিজৰ আৰু পৰিয়ালৰ জীৱনক লৈ শংকা, নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছে ৰিয়া

By

Published : Aug 27, 2020, 6:33 PM IST

এণ্টাৰটেইনমেণ্ট ডেস্ক,২৭আগষ্টঃসুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ পিছতে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিছে তদন্তকাৰী দলে। ইতিমধ্যে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেট আৰু আৰক্ষীয়ে জেৰা চলাইছে ৰিয়াক । বৃহস্পতিবাৰে ৰিয়াই নিজৰ জীৱন আৰু পৰিয়ালৰ সদস্য জীৱনৰ সুৰক্ষাৰ বাবে অনুৰোধ জনালে আৰক্ষীক । ৰিয়াৰ পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তীক বাসগৃহৰ বাহিৰত সংবাদ মাধ্যমৰ লোকে আগুৰি প্ৰশ্ন কৰাত শংকিত হৈ পৰিছে ৰিয়া।

নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এই ভিডিঅ' শ্বেয়াৰ কৰি মুম্বাই আৰক্ষীৰ পৰা নিৰাপত্তা বিচাৰিলে ৰিয়াই। বৰ্তমান সুশান্তৰ তদন্ত প্ৰক্ৰিয়াত CBI আৰু EDক সহযোগ কৰাৰ বাবে তেওঁলোক ঘৰৰ পৰা ওলাই বিভিন্ন ঠাইলৈ যাবলগীয়া হৈছে । এনে পৰিস্থিতিত নিজৰ লগতে পৰিয়ালৰ সদস্যৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰিছে ৰিয়া । আনহাতে স্থানীয় আৰক্ষীক যোগাযোগ কৰিও আশানুৰূপ ফল পোৱা নাই ৰিয়াৰ পৰিয়ালে।

তদন্তকাৰী দলকো এই বিষয়ে ৰিয়াই অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনো সঁহাৰি পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে । সুশান্তৰ মৃত্যুৰ পিছত ৰিয়াৰ বিৰুদ্ধে স্বাভাৱিকতেই ক্ষুদ্ধ হৈ পৰিছে সুশান্তৰ অনুৰাগীৰ লগতে একাংশ লোক । ছ'চিয়েল মিডিয়াতো তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰিয়া ।

ABOUT THE AUTHOR

...view details