অসম

assam

ETV Bharat / bharat

চীনৰ বাবে গীত জুৰিলে সহস্ৰাধিক নগা বিদ্ৰোহীয়ে - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

মণিপুৰৰ উখৰুলৰ প্ৰায় 2000 নগা বিদ্ৰোহী গোটৰ সদস্যই এটা বিশেষ স্থানীয় উৎসৱত অংশগ্ৰহণ কৰি চীনৰ ক’ৰোণা ভাইৰাছত কৱলত পৰি মৃত্যু হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ এই উৎসৱৰ পৰাই তেওঁলোকে চীনৰ এই বিপদৰ সময়ত তেওঁলোকৰ লগত সহযোগিতা থকাৰ বিষয়ে উল্লেখ কৰে ৷ ইয়াৰোপৰি চীনলৈ এজন গায়কে সংগীতৰ জৰিয়তেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

Thousands of Nagas sing for China in rebel hotbed Ukhrul
চীনৰ বাবে গীত জুৰিলে সহস্ৰাধিক নগা বিদ্ৰোহীয়ে

By

Published : Feb 17, 2020, 11:55 PM IST

নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে মণিপুৰৰ উখৰুলৰ প্ৰায় 2000 নগা বিদ্ৰোহী গোটৰ সদস্যই এটা বিশেষ স্থানীয় উৎসৱত অংশগ্ৰহণ কৰি চীনৰ ক’ৰোণা ভাইৰাছত কৱলত পৰি মৃত্যু হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷

এই উৎসৱৰ পৰাই তেওঁলোকে চীনৰ এই বিপদৰ সময়ত তেওঁলোকৰ লগত সহযোগিতা থকাৰ বিষয়ে উল্লেখ কৰে ৷ ইয়াৰোপৰি চীনলৈ এজন গায়কে সংগীতৰ জৰিয়তেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

কেন্দ্ৰীয় চৰকাৰৰ সৈতে নগা শান্তি চুক্তি চলি থকাৰ সময়তে নগা বিদ্ৰোহীসকলৰ চীনৰ প্ৰতি থকা এই আন্তৰিকতাই এক তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে ৷

পোনপ্ৰথমবাৰৰ বাবে মণিপুৰত থকা নগাসকলে ইমান সংগঠিতভাৱে চীনৰ প্ৰতি সমৰ্থন জনালে, ‘আমাৰ হৃদয়ত চীনৰ প্ৰতি সদাই এক বিশেষ স্থান আছে’ ৷ স্থানীয় এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰে ৷

ভাৰত চৰকাৰ আৰু NSCN (ইশ্বাক মুইভা)ৰ মাজত চলি থকা আলোচনাই সাত দশক ধৰি চলি থকা নগা বিদ্ৰোহী সমস্যাৰ সমাধান হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ 2015 চনত এই সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ উপস্থিতিত এই বিষয়ে স্বাক্ষৰ কৰা হৈছিল যদিও এই বিষয়ে কোনো আগনাবাঢ়িল ৷

বৰ্তমানৰ NSCN(IM) প্ৰধান থুইংলেঙ মুইভাৰ নেতৃত্বত প্ৰথম পৰ্যায়ত 133 গৰাকী নাগা বিদ্ৰোহী 1967 চনত চীনলৈ ৰাওনা হৈছিল ৷ ইয়াৰ পৰৱৰ্তী পাঁচ বছৰত মুইভাই চীনত থাকিয়ে চীনা সেনাৰ সহযোগত নাগা আন্দোলনক আগবঢ়াই লৈ গৈছিল ৷ 1971 চনত তেওঁ পুনৰ নাগালেণ্ডলৈ প্ৰত্যাৱৰ্তন কৰিছিল আৰু 200 জন কেডাৰেৰে পুনৰ শক্তিশালী ৰূপত সংগঠনটো গঢ় দি তুলিছিল ৷

আৰু পঢ়কঃতুৰ্কী CPECৰ ওপৰত কাম কৰিবলৈ সাজু আছে : তুৰ্কী ৰাষ্ট্ৰপতি ইৰ্ডোগান

ABOUT THE AUTHOR

...view details