নেশ্বনেল ডেস্ক, 27চেপ্তেম্বৰঃ নিৰ্বাচনী আয়োগৰ ঘোষণা 31 আগষ্টৰ এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা যিসকল লোকৰ নাম ভোটাৰ তালিকাত আছে তেঁওলোকৰ ভোটাধিকাৰ কৰ্তন কৰা নহয় ৷ এই সিদ্ধান্ত চেপ্তেম্বৰ 2 তাৰিখে গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক নিৰ্দেশনাৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে ৷ য'ত লিখা আছিল,
''এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱা লোকলকলে নিজৰ সকলো অধিকাৰ উপভোগ কৰিব পাৰিব আৰু ন্যায়সংগত সকলো সহায়-সহযোগ লাভ কৰিব৷ ''
এই ন্যায়িক সুবিধা সমূহৰ ভিতৰত আছে, বিদেশী ন্যায়াধীকৰণত আপীলৰ লহগতে উচ্চ আৰু উচ্চতম ন্যায়ালত আপীলৰ সুবিধা ৷ নিৰ্বাচন আয়োগৰ শীৰ্ষস্তৰীয় বিষয়াই নিশ্চিকত কৰা অনুযায়ী, গৃহ মন্ত্ৰায়লৰ এই অধিকাৰৰ ভিতৰত ভোটাধিকাৰ, নিয়োগৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ ইত্যাদি ইত্যাদি ৷