নিউজ ডেস্ক, 29 জুলাই :জীৱনৰ অন্যতম প্ৰয়োজন হৈছে পানী ৷ পৃথিৱীৰ এক-চতুৰ্থাংশ পানীৰে পূৰ্ণ যদিও ইয়াৰ শোষণৰ ফলত বহুসংখ্যক মানুহেই পানীৰ পৰা বঞ্চিত হৈছে ৷ ইয়াৰ ফলত ভূমিগত পানী আৰু ভূ-গৰ্ভস্থ পানীৰ সংখ্যাও কমি আহিছে ৷ ভাৰতৰ অধিকাংশ জিলাতে পানীৰ স্তৰ বিপদসীমাৰ তলত নামি গৈছে ৷ সেয়েহে আহিবলগীয়া প্ৰজন্মৰ বাবে প্ৰতিটোপাল পানী সংৰক্ষণ কৰাটো অতিকে জৰুৰী হৈ পৰিছে ৷
প্ৰাকৃতিক পানীৰ উৎসৰ অন্যতম হৈছে বৰষুণৰ পানী আৰু ইয়াক যথাযথভাৱে সংৰক্ষণ কৰিলে পানীৰ নাটনিৰ পৰা বহুখিনি ৰক্ষা পৰিব পাৰি ৷ হাৰিয়ানাৰ পালৱাল জিলাৰ এখন গাঁৱে বৰষুণৰ পানী সংৰক্ষণ কৰি এইক্ষেত্ৰত এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে ৷ জিলাখনৰ ভিদুকী গাঁওবাসীয়ে পানীৰ গুৰুত্ব বুজি উঠিছে আৰু তাৰ বাবে বৰষুণৰ প্ৰতিটোপাল পানী ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰাখিছে ৷ গাঁওবাসীৰ এই কাৰ্যক প্ৰধানমন্ত্ৰী মোডীয়েও প্ৰশংসা কৰিছে ৷
কিছু বছৰ আগলৈকে গাঁওবাসীয়ে ভীষণ পানীৰ সমস্যাত পৰিছিল ৷ উপযুক্ত নিষ্কাশন ব্যৱস্থাৰ অভাৱৰ ফলত বৰষুণৰ পানীয়ে গাঁওখনত সমস্যাৰ সৃষ্টি কৰিছিল ৷ গাঁওখনত থকা চৰকাৰী বালিকা বিদ্যালয়খনলৈ যোৱা পথটো পানীৰে উপচি পৰিছিল ৷ গাঁওবাসীয়ে প্ৰতিবছৰে বাৰিষা এই সমস্যাত পৰিছিল ৷
2016ত গাঁওখনৰ মুখীয়া হিচাপে নিৰ্বাচিত হয় বি. টেক আৰু এমবিএ ডিগ্ৰীধাৰী সত্যদেৱ গৌতম ৷ লাখটকীয়া চাকৰিৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি তেওঁ নিজৰ গাঁৱত আহি গাঁওখনক এক অনন্য ৰূপ দিয়াৰ চেষ্টা কৰে ৷ গৌতমে বালিকা বিদ্যালয়খনত পানী সংৰক্ষণৰ ব্যৱস্থা সংযোগ কৰে ৷ বিদ্যালয়গৃহৰ মুধচৰ পৰা পাইপ সংলগ্ন কৰি বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণৰ ব্যৱস্থা কৰে গৌতমে ৷ ইয়াৰ উপৰিও নলা খান্দি, তিনিটা 8 ফুট বহল 10 ফুট দীঘল গাত খান্দি তাত পানীসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰে ৷
কিদৰে সংৰক্ষণ কৰা হয় পানী ?
তিনিওটা টেংক ইটো-সিটোৰ সৈতে সংযুক্ত ৷ প্ৰথম দুটা টেংকে ফিল্টাৰৰ কাম কৰে ৷ গোটা আৱৰ্জনাসমূহ প্ৰথমটো টেংকত জমা হয় আৰু দ্বিতীয়টো টেংকত অন্যান্য পৰিশোধক সমূহৰ দ্বাৰা পানীসমূহ নিষ্কাশন কৰা হয় ৷ একে সময়তে তৃতীয়টো টেংক 120 মিটাৰ দ' দমকলৰ দ্বাৰা সংযোগ কৰা হয় আৰু ইয়াৰ সহায়তে সকলো পানী তললৈ প্ৰেৰণ কৰা হয় ৷ ভূমিৰ তললৈ প্ৰেৰণৰ পূৰ্বেই ইয়াক পৰিশোধণ কৰি লোৱা হয় আৰু পৰিশোধনৰ বাবে তিনিওটা টেংকতে নিৰ্দিষ্ট শিল ৰখা হৈছে যিয়ে পৰিস্কাৰ পানী ভূমিৰ তললৈ প্ৰেৰণ কৰে ৷ সত্যদেৱ গৌতমৰ চেষ্টাৰ বলতেই গাঁওখনৰ 80ঘৰ হৰিজনৰ বাসগৃহলৈয়ো পানী সংৰক্ষণৰ ফলত নতুন জীৱন আহে ৷ পূৰ্বেই পানীৰ সমস্যাত পৰা এইসকল লোকৰ ঘৰত এতিয়া পানী সংৰক্ষণৰ বাবে ব্যৱস্থা কৰা হৈছে ৷
যাৰ ফলত বৰষুণ দিলেই হৰিজন বস্তিত এতিয়া আৰু পানী জমা নহয় ৷ বৰষুণ দিলেই তাত সংযোগ কৰা পানী সংৰক্ষণ ব্যৱস্থাই বিদ্যালয়খনত সংযোগ কৰা প্ৰণালীৰ দৰেই একেই কাম সম্পাদন কৰে ৷