অসম

assam

ETV Bharat / bharat

অনুচ্ছেদ 370 বাতিলকৰন এক অন্যায়, পৰিনতি ভয়ংকৰ হ'বঃ দীনেশ গুন্দু ৰাও

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সদনত অনুচ্ছেদ 370 বাতিলকৰনৰ প্ৰস্তাৱ উত্থাপন কৰাৰ পিচতে সমগ্ৰ ভাৰততে মিশ্ৰিত প্ৰতিক্ৰীয়া পৰিলক্ষিত হৈছে ৷ একাংশই এই সিদ্ধান্তৰ সমৰ্থন কৰাৰ বিপৰীতে তীব্ৰ বিৰোধিতা কৰিছে আন একাংশই ৷ কৰ্নাটক কংগ্ৰেছৰ সভাপতি দীনেশ গুন্দু ৰাওৱে এয়া এক অন্যান বুলি কোৱাৰ লগতে ইয়াৰ পৰিনতি ভয়াৱহ হ'ব বুলি কয় ৷

দীনেশ গুন্দু ৰাও

By

Published : Aug 6, 2019, 9:08 AM IST

নিউজ ডেস্ক, 6 আগষ্টঃ বিজেপিশাসিত কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনাৰে অনুচ্ছেদ 370ৰ বিৰোধিতা কৰিছে একাংশ বিৰোধী দলে ৷ সদনত গৃহমন্ত্ৰী অমিত শ্বাহে অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰাক লৈ সৰৱ হৈ পৰিছে চৰকাৰৰ মুখ্য বিৰোধী দলসমূহ ৷

কৰ্নাটক কংগ্ৰেছৰ সভাপতি দীনেশ গুন্দু ৰাওৱে অনুচ্ছেদ 370 বাতিলকৰন আৰু ইয়াৰ সংশোধনী জম্মু-কাশ্মীৰবাসীৰ বাবে অন্যায় বুলি উল্লেখ কৰে ৷ তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰধান সমস্যাসমূহ উত্থাপন কৰাৰ বিপৰীতে দেশবাসীৰ সৈতে অন্যায় কৰি আহিছে ৷ অনাগত দিনত ইয়াৰ পৰিনাম অধিক ভয়াৱহ হৈ পৰিব ৷ বিজেপি চৰকাৰে জুইৰ সৈতে খেলি আছে ৷ দেশৰ ঐক্য আৰু সংহতি তথা উন্নতিৰ বাবে এয়া ভাল লক্ষণ নহয় ৷ চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই দেশৰ সংবিধানৰ লগতে সংবিধানপ্ৰদত্ত অধিকাৰসমূহৰ অৱক্ষয় ঘটাব ৷

সদনত ইতিমধ্যেই গৃহীত হৈছে জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়ক, 2019 ৷ বিধেয়কখনৰ জৰিয়তে জম্মু-কাশ্মীৰক ৰাজ্যৰ বিপৰীতে বিধানমণ্ডল সহিতে কেন্দ্ৰীয়শাসিত অঞ্চল হিচাপে গঠন কৰাৰ লগতে লাডাখক বিধানমণ্ডল নোহোৱাকৈ কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষনা কৰা হ'ব ৷ সদনত 125 টা ভোট সপক্ষে লাভ কৰাৰ বিপৰীতে 61টা ভোট বিপৰীতে লাভ কৰিছে বিধেয়কখনে ৷

ABOUT THE AUTHOR

...view details