নিউজ ডেস্ক,২৫জুন: কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই বিজেপিলৈ আঙুলি তুলি কৰিলে বহু কেইটা গুৰুতৰ অভিযোগ । মুখপাত্ৰ গৰাকীয়ে টিপ্পনি কৰি কলে, মোডী চৰকাৰে চীনৰ লগত যুঁজাৰ বিপৰিতে বিৰুধী বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰতহে অধিক জোৰ দিয়া পৰিলক্ষিত হৈছে । এখন ভাৰ্চুৱেল সংবাদ মেলৰ জৰিয়তে সাংবাদিক সকলক অৱগত কৰি কলে, মোডী চৰকাৰে গালৱান ঘাটি, পেঙ্গোগ শ্ব' এলেকা আৰু স্প্ৰিংচৰ পৰা চীনা সৈন্য পিছুৱাই নিয়াৰ বাবে আলোচনা অব্যাহত ৰাখিছে ; কিন্তু সংবাদ মাধ্যমত ওলোৱা খবৰ আৰু উপগ্ৰহৰ পৰা লোৱা ছবিকে ধৰি সেনাৰ প্ৰাক্তন সঞ্চালকৰ মন্তব্যৰ পৰা এইটো নিশ্চিত যে বৰ্তমান চীনৰ গতিবিধি আৰু অধিক বাঢ়িছেহে ।
ভাৰত-চীন বিবাদ: কংগ্ৰেছে ক'লে বিজেপিয়ে আসৈ মাতিছে ! - prime minister of india
ভাৰত চীন সীমা বিবাদৰ ওপৰত সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণক লৈ কংগ্ৰেছে ধাৰাবাহিক ভাৱে আক্ৰমণৰ কৰা পৰিলক্ষিত হৈছে । এইবাৰ কংগ্ৰেছে মোডী চৰকাৰে সেনাৰ মনোবল হ্ৰাস কৰাৰ অভিযোগ তুলাৰ লগতে প্ৰশ্ন তুলিলে, প্ৰধানমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠকত দেশবাসীৰ বাবে প্ৰকৃত তথ্য কিয় তুলি নধৰিলে ?
কংগ্ৰেছ মুখপাত্ৰগৰাকীৰ মতে, চীনা সৈন্য পিছোৱাই যোৱাৰ বিপৰিতে পিপি-১৪ পইণ্ট, গালৱান ঘাটি আৰু লাডাখত দ্বিতীয় বাৰৰ বাবে অধিগ্ৰহণহে কৰিলে । চীনা সৈন্যই পেঙ্গোগ এলেকাত ফিঙ্গাৰ-৪ আৰু ফিঙ্গাৰ-৮ৰ মাজৰ অংশচোৱাত অধিক সৈন্য সাজু কৰি বাংকাৰ নিৰ্মানহে কৰি ললে । তাৰোপৰি চীনা সৈন্যই পূৱ প্ৰান্তৰ লাডাখ চেক্টৰতো ১০০০০ হাজাৰ সৈন্য আৰু অত্যাধুনিক অস্ত্ৰ সস্ত্ৰৰে সাজু কৰি ৰাখিছে ।
ইফালে এক বিতৰ্কিত মন্তব্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ অভিযোগ তুলি কলে, যি সময়ত ভাৰতীয় সেনাই চীনা সৈন্যক ওভটাই পঠাবৰ বাবে যুঁজি আছে, তেনে এক সময়ত প্ৰধানমন্ত্ৰীয়ে নিজৰ দাবীৰে কিয় সেনাৰ মনোবল ভঙাত লাগিছে ? চীনা সৈন্যক আমাৰ ভূমিৰ পৰা খেদাৰ পৰিবৰ্তে আমাৰ সেনাক পূৰ্ণ সমৰ্থন দিয়াৰ পৰিবৰ্তে কিয় মনোবল দুৰ্বল কৰিছে ? এয়া কি দেশৰ প্ৰতি থকা স্বাৰ্থ ?