অসম

assam

By

Published : Oct 28, 2020, 9:17 PM IST

ETV Bharat / bharat

প্ৰদূষণঃ প্ৰাকৃতিকভাৱে নিৰ্মিত চাকি প্ৰস্তুত কৰ্ণাটকৰ গোশালাত

আগন্তুক দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটকৰ গোশালাত প্ৰায় 50 লাখ চাকি প্ৰস্তুত ৷ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত চাকি সমূহ ৷

Special Cow dung diyas for this Diwali
প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলীত প্ৰাকৃতিকভাৱে নিৰ্মিত চাকি প্ৰস্তুত কৰ্ণাটকৰ গোশালাত

নিউজ ডেস্ক, 28 অক্টোবৰ :পৰিৱেশ প্ৰদূষণ আৰু পাৰিপাশ্বিকতাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তক দীপাৱলীত সকলোকে গোৱৰৰ পৰা প্ৰস্তুত কৰা চাকি ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৷ আগন্তুক দীপাৱলীত কৰ্ণাটকৰ ডডাবলপুৰ তালুকৰ ঘাটী সুব্ৰমণ্যৰ ওচৰৰ গোশালাত প্ৰস্তুত কৰিছে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে চাকি ৷ উল্লেখ্য যে, এই চাকি সমূহ সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হৈছে যিয়ে পৰিৱেশত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় ৷

তেওঁলোকে প্ৰস্তুত কৰা চাকি সমূহ গাখীৰ,ঘিউ,গোবৰ আদি সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে ৷ তথ্য অনুসৰি,গোশালাটোত প্ৰতিবছৰে প্ৰায় 50 লাখ চাকি প্ৰস্তুত কৰা হয় ৷

লগতে পঢ়ক :নিৰ্বাচনত বিজয়ৰ বাবে ৰিপাব্লিকান দলক কিহৰ প্ৰয়োজন ?

ABOUT THE AUTHOR

...view details