অসম

assam

ETV Bharat / bharat

মাত্ৰাধিক প্ৰদূষণৰ কৱলত দিল্লীঃ স্বাস্থ্যজনিত জৰুৰী অৱস্থা ঘোষণা; ডাঠ ধোঁৱাই আৱৰিলে দিল্লীৰ বায়ুমণ্ডল : 1ৰ পৰা 5 নৱেম্বৰলৈ বন্ধ সকলো বিদ্যালয় - জৰুৰীকালিন পৰিস্থিতিত দিল্লীৰ বায়ুমণ্ডল

দিল্লীৰ বায়ুমণ্ডল ছানি ধৰিছে ঘন ধোঁৱাই ৷ বায়ুৰ গুণগত মানদণ্ড নিম্ন পৰ্যায়ৰ হোৱাৰ কথা ঘোষণা ৷

দিল্লীৰ বায়ু প্ৰদূষণ

By

Published : Nov 2, 2019, 4:49 PM IST

নেশ্বনেল ডেস্ক, 2 নৱেম্বৰ :বায়ু প্ৰদূষণৰ সূচী (AQI) আৰু জলবায়ু গৱেষণা আৰু আগজাননী ব্যৱস্থাই (SAFAR) দেশৰ ৰাজধানী দিল্লীৰ বায়ুমণ্ডলৰ গুণগত মানদণ্ড নিম্ন পৰ্যায়ৰ হোৱাৰ কথা প্ৰকাশ কৰিছে ৷ দিল্লীৰ লোধী অঞ্চল সৰ্বাধিক প্ৰদূষিত হোৱা বুলিও তথ্য প্ৰদান কৰিছে এই সংস্থা দুটাই ৷ নৱেম্বৰৰ 1 তাৰিখে উচ্চতম ন্যায়ালয়ে বায়ু প্ৰদূষণ (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) কৰ্তৃপক্ষক (EPCA) দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যজনিত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ AQI ৰ পৰিমাণ উচ্চ মাত্ৰাৰ হোৱাৰ অৰ্থ হৈছে ভয়ংকৰ পৰিমাণৰ বায়ু প্ৰদূষণ আৰু স্বাস্থ্যজনিত সমস্যা ৷

ডাঠ ধোঁৱাই আৱৰিলে দিল্লীৰ বায়ুমণ্ডল

দিল্লীবাসীয়ে বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ লগতে এলাৰ্জী জাতীয় ৰোগত ভুগিছে বুলিও তথ্য লাভ কৰা হৈছে ৷ আনহাতে, পঞ্জাৱ আৰু হাৰিয়ানাত জংঘল জ্বলোৱাৰ ফলতো দিল্লীৰ বায়ুমণ্ডল অধিক প্ৰদূষিত হৈছে ৷

বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে নৱেম্বৰৰ 4 তাৰিখৰ পৰা 15 তাৰিখলৈ odd-even scheme কাৰ্যকৰী কৰিছে ৷

দিল্লীৰ বায়ু প্ৰদূষণ

উল্লেখ্য যে, বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা বাবে স্বাস্থ্যজনিত জৰুৰী অৱস্থা ঘোষণা কৰাৰ লগতে দিল্লীৰ বিদ্যালয়সমূহ 1 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details