অসম

assam

ETV Bharat / bharat

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি উত্তৰ প্ৰদেশত উজলিছে দুগৰাকী ছাত্ৰী

উত্তৰ প্ৰদেশৰ ৰাজ্যিক বোৰ্ডৰ ক্ষেত্ৰত উচ্চ নম্বৰ লাভ কৰিবলৈ সুপ্ৰিয়া জাবেদ আৰু সোনমে শাৰীৰিক আৰু সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰ কৰিবলৈ সক্ষম হৈছে । যি পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰা হৈছে । বিগত ৫ বছৰে জটিল ৰোগৰ সৈতে যুঁজি থকা সুপিয়াক দশম শ্ৰেণীত অক্সিজেনৰ সৈতে দেখা গৈছিল । ৭৮ শতাংশ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সোনমৰ উচ্চতা মাত্ৰ ৩ ফুট ।

By

Published : Jun 29, 2020, 5:04 PM IST

these-girls-overcame-physical-challenges-and-passed-exams
these-girls-overcame-physical-challenges-and-passed-exams

নিউজ ডেস্ক, ২৯ জুন :উত্তৰ প্ৰদেশৰ ৰাজ্যিক বোৰ্ডৰ ক্ষেত্ৰত উচ্চ নম্বৰ লাভ কৰিবলৈ সুপ্ৰিয়া জাবেদ আৰু সোনমে শাৰীৰিক আৰু সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰ কৰিবলৈ সক্ষম হৈছে । যি পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰা হৈছে ।

উল্লেখযোগ্য যে, বিগত ৫ বছৰে জটিল ৰোগৰ সৈতে যুঁজি থকা সুপ্ৰিয়াক দশম শ্ৰেণীত অক্সিজেনৰ সৈতে দেখা গৈছিল । তিনিজন ভাই-ভনীৰ ভিতৰত সুপ্ৰিয়া সকলোতকৈ ডাঙৰ আৰু সুপ্ৰিয়াক দৈনিক অক্সিজেনৰ প্ৰয়োজন । আৰু বিগত বহু মাহৰ পৰাই ছাত্ৰী গৰাকীয়ে বিচনাতে থাকিব লগা হৈছে । সুপিয়াৰ পিতৃয়ে নয়দাৰ এখন ফ্ৰাৰ্মত কাম কৰে যি গৰাকী ব্যক্তিয়ে কন্যাৰ পৰীক্ষাৰ বাবে কামৰ পৰা ছুটী লৈছিল ।

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি উত্তৰ প্ৰদেশত উজ্বলিছে দুগৰাকী ছাত্ৰী

পিতৃয়ে জনোৱা অনুসৰি, সুপ্ৰিয়া পিত্তথলী শৈল্য চিকিৎসাৰ পৰা আৰম্ভ হৈছিল । পিচত তাইৰ যক্ষ্মা ৰোগ ধৰা পৰিছিল । তাৰ পাছত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিছিলো আৰু অলপ ভাল হোৱা দেখা পাইছিলো । পৰৱৰ্তী সময়ত জিলা চিকিৎসালয় এখনত চিকিৎসা কৰা হৈছে আৰু নিয়মিত অক্সিজেন যোগান ধৰা হৈছিল । লগতে তেওঁ কয় যে, মই মোৰ কন্যাক লৈ গৰ্বিত । শাৰীৰিক অসুস্থতাৰ মাজতো তাই ভালকৈ পঢ়ি ভাল ফলাফৰ কৰাৰ প্ৰতিজ্ঞাবদ্ধ আছিল ।

আনহাতে, ৭৮ শতাংশ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সোনমৰ উচ্চতা মাত্ৰ ৩ ফুট । সোনমৰ মূৰত টিউমাৰ আছিল । ২০১২ চনত টিউমাৰটো উলিয়াই দিয়া হ'ল যাৰবাবে ছাত্ৰী গৰাকীৰ বিকাশ নহ'ল ।

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি উত্তৰ প্ৰদেশত উজ্বলিছে দুগৰাকী ছাত্ৰী

ছাত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, অন্য ছাত্ৰ-ছাত্ৰীৰ নিচিনা মই বেছি সময় অধ্যয়ন কৰিব নোৱাৰো । বেছি সময় অধ্যয়ণ কৰিলে মই শাৰীৰিকভাবে অসুস্থ হৈ পৰো । ভৱিষ্যতে সোনমে এগৰাকী চিকিৎসক হ'ব বিচাৰে ।

লগতে পঢ়ক : পশ্চিমবংগত গুলীবিদ্ধ বিজেপি নেতা, TMC ৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

ABOUT THE AUTHOR

...view details