নিউজ ডেস্ক, ১ এপ্ৰিলঃ এগৰাকী 23 বছৰীয়া কোভিড-19 ত আক্ৰান্ত যুৱতীয়ে আৰোগ্য লাভ কৰিয়েই চিকিৎসক সকলক ভগৱান আখ্যা দিলে । 12 দিন কলকাতাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীয়ে কোভিড-19 ত আক্ৰান্ত হৈছিল ।
চিকিৎসকক "ভগৱান" আখ্যা কোভিড-19 ৰ পৰা আৰোগ্য হোৱা ৰোগীৰ - চিকিৎসকেই ভগৱান
স্কটলেণ্ডৰ পৰা উভতি আহোতে কোভিড-19 পজিটিভ পোৱা 23 বছৰীয়া এগৰাকী যুৱতীয়ে আৰোগ্য লাভ কৰি প্ৰশংসা কৰিছে চিকিৎসকক । কলকাতাত চিকিৎসাধীন হোৱা যুৱতীগৰাকীয়ে ৰাইজক স্বাস্থ্য সংস্থা আৰু বিভাগ সমূহে দিয়া উপদেশ সমূহ মানি চলিবলৈ সকলোকে আহ্বান জনাই ।
![চিকিৎসকক "ভগৱান" আখ্যা কোভিড-19 ৰ পৰা আৰোগ্য হোৱা ৰোগীৰ চিকিৎসকক "ভগৱান" আখ্যা কোভিড-19 ৰ পৰা আৰোগ্য হোৱা ৰোগীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6615367-721-6615367-1585709783094.jpg)
চিকিৎসকক "ভগৱান" আখ্যা কোভিড-19 ৰ পৰা আৰোগ্য হোৱা ৰোগীৰ
স্কটলেণ্ডত অধ্যয়ন কৰি থকা যুৱতীগৰাকী 19 মাৰ্চত কলকাতা বিমান বন্দৰত উপস্থিত হৈছিল আৰু তাৰ পৰাই পোনে পোনে যুৱতীগৰাকী চিকিৎসালয়লৈ গৈছিল । তাত স্বাস্থ্য পৰীক্ষা কৰাত কৰ'ণা ভাইৰাচৰ সংক্ৰমন পোৱা গৈছিল । তাৰ পাচতেই চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যুৱতী গৰাকী ।
ইপিনে স্বাস্থ্য মন্ত্ৰালয়ে মহিলাগৰাকীক সুস্থ ঘোষণা কৰি চিকিৎসালয়ৰ পৰা অব্যাহতি প্ৰদান কৰে ।