নেশ্যনেল ডেস্ক, 30 জুলাই:মহাৰাষ্ট্ৰৰ এখন সৰু গাঁও শনি শিগনাপুৰ ৷ এই গাঁৱৰ প্ৰতিটো ঘৰৰ দেৱালত অঁকা আছে সুন্দৰ ছবি ৷ ঘৰৰ নক্সা দেখিলেই মুগ্ধ হ'ব বহুলোক ৷ কিন্তু গাঁওখনৰ এখনো ঘৰত নাই দুৱাৰ ৷
আনকি গাঁওখনৰ কোনো এখন দোকানতো নাই দুৱাৰ ৷ তৱা লগোৱাটো বহু দূৰৰে কথা ৷ জানিলে আচৰিত হ'ব গাঁওখনত থকা একমাত্ৰ বেংকটোতো নাই কোনো দুৱাৰ ৷ এইখন গাঁৱত আছে এখন থানা ৷ সেই থানাখনতো নাই কোনো দুৱাৰ ৷ 2015 চনত নিৰ্মাণ কৰা হয় সেই থানাখন ৷
কিয় এই গাঁৱৰ কোনো এটা ঘৰতে নাই দুৱাৰ ?
দুৱাৰ নথকা সত্বেও কেনেদৰে নিশ্চিন্ত মনে শুব পাৰে এই গাঁৱৰ বাসিন্দাই ? সেই জানিব হ'লে পুনৰ ঘূৰি যাব লাগিব তিনিশ বছৰ পূৰ্বলৈ ৷ জনপ্ৰবাদ অনুসৰি, বৰষুণৰ পানীত ভাহি আহিছিল এটা বৃহৎ ক'লা ৰঙৰ শিল ৷ সেইদিনাখনে ৰাতিয়েই গাঁৱৰ এগৰাকী ব্যক্তিয়ে সপোনত দেখিছিল শনি দেৱতাক ৷ তাৰ পাচৰ দিনটোত গাঁওখনৰ বাসিন্দাই গাঁৱত সেই বৃহৎ শিলটো প্ৰতিষ্ঠা কৰে ৷ তৈয়াৰ কৰা হ'ল এটা মন্দিৰো ৷ তাৰ পাচৰ পৰাই গাঁওখনত আৰু কোনো এটা ঘৰতে লগোৱা হোৱা নাই দুৱাৰ ৷ শনি দেৱতাই বিভিন্ন বিপদৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব বুলি বিশ্বাস তেওঁলোকৰ ৷ ইয়াৰোপৰি তেওঁলোকৰ বিশ্বাস কোনো লোকে গাঁওখনত সোমাই দুষ্কাৰ্য কৰাৰ কথা ভাবিলেও শনি দেৱতাই তেনে লোকক শাস্তি প্ৰদান কৰে ৷
প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি শনি শিগনাপুৰ গাঁৱত দেখিবলৈ পোৱা গৈছে একেখনই ছবি ৷ ঘৰ লাগিলে যিমানেই সুন্দৰভাৱে কোনোৱে নিৰ্মাণ নকৰক কিয়, তাত দুৱাৰ নলগায় কোনোৱে ৷ আনকি এনেদৰে ঘৰ মুকলিকৈ থৈয়েই দীৰ্ঘদিনৰ বাবে ফুৰিও আহে গাঁওখনৰ লোক ৷ তথাপিও ঘৰৰ এটাও সামগ্ৰী নহয় ইফালৰ পৰা সিফাল ৷ কিন্তু সময় পৰিৱৰ্তনশীল ৷ নৱ প্ৰজন্মৰ বহুতেই পূৰ্বৰ সেই সংজ্ঞাত বিশ্বাস নকৰে ৷ যাৰ বাবে গাঁও পঞ্চায়তৰ অনুমতি সাপেক্ষে সম্প্ৰতি বহু ঘৰতে দুৱাৰ লগোৱা পৰিলক্ষিত হৈছে ৷ যদিও গাঁওখনৰ অধিকাংশ ঘৰ আজিও উন্মুক্ত ৷
উল্লেখ্য যে, প্ৰতি বছৰেই 40 ৰ পৰা 50 হাজাৰ পৰ্যটক আহে এই গাঁও পৰিদৰ্শন কৰিবলৈ ৷ শনি দেবতাৰো দৰ্শন কৰিবলৈ আহে হাজাৰ হাজাৰ পৰ্যটক ৷
লগতে পঢ়ক:আজৱ: গালি দিয়াৰ অভিযোগত এজাহাৰ দাখিল কৰা হৈছিল এটা ভাটৌৰ বিৰুদ্ধে