অসম

assam

ETV Bharat / bharat

জনা-নজনা: এই গাঁৱত পুৰুষৰ প্ৰৱেশ নিষেধ - কেনিয়া

ন' মেনছ্ লেণ্ড ৷ কোনো পুৰুষেই প্ৰৱেশ কৰিব নোৱাৰে এই গাঁৱত ৷ গাঁওখন কেৱল নাৰীৰ ৷ এই গাঁও ক'ত আছে আপুনি জানেনে ?

জনা-নজনা
জনা-নজনা

By

Published : Oct 4, 2020, 1:48 PM IST

নিউজ ডেস্ক, 4 অক্টোবৰ: কোনো পুৰুষেই প্ৰৱেশ কৰিব নোৱাৰে এই গাঁৱত ৷ এই গাঁও কেৱল নাৰীৰ ৷ বহু লোকে এই গাঁৱক ন' মেনছ্ লেণ্ড বুলিও অভিহিত কৰিছে ৷ এই গাঁৱত কোনো পুৰুষ নাই, সেই বাবেই গাঁওখনক এনেদৰে নামাকৰণ কৰা হৈছে ৷

উত্তৰ কোৰিয়াৰ উমোজা ৷ প্ৰায় 300 বছৰ পূৰ্বে গাঁওখন স্থাপিত হৈছিল ৷ যিয়ে গাঁওখন স্থাপন কৰিছিল তেওঁৰ নাম ৰেবেকা লোলোচ'লি ৷ তেৱেই গাঁওখনত পুৰুষৰ প্ৰৱেশ নিষেধ কৰিছিল ৷ কিন্তু কিয় জানেনে ?

বেদনাদায়ক এক অতীতলৈ যাব লাগিব ইয়াৰ উত্তৰ বিচাৰি ৷ সেই সময় 1990 চনৰ আশেপাশে ৷ কেনিয়াৰ বিভিন্ন প্ৰান্তত মহিলাৰ ওপৰত চলিছিল ব্ৰিটিছ সেনাৰ নিগ্ৰহ আৰু নিৰ্যাতন ৷ তেনেদৰে নিৰ্যাতনৰ বলি হোৱা অধিকাংশ মহিলাকে তেওঁলোকৰ পৰিয়ালৰ লোকে ত্যাগ কৰিছিল ৷ তেনে 19 গৰাকী মহিলাক লৈয়েই ৰেবেকাই পোনপ্ৰথমে গাঁওখন স্থাপন কৰিছিল ৷

উমোজাত প্ৰৱেশ কৰাৰ পূৰ্বে আপোনাৰ চকুত পৰিব এখন ফলক ৷ তাত লিখা আছে "উমোজা উইমেনছ্ ভিলেজ ৷" গাওঁখনৰ চাৰিওদিশে আছে কাঁটা তাঁৰৰ বেৰ ৷ এই গাঁৱত আছে ধৰ্ষণৰ বলি হোৱা মহিলাৰ ওপৰিও, বাল্যবিবাহ হোৱা আৰু অন্যান্য সামাজিক অত্যাচাৰৰ বলি হোৱা মহিলা ৷

দীৰ্ঘদিনে গাঁওখন বিশ্ববাসীৰ অগোচৰ আছিল যদিও, জৰ্জিয়া গুডউইন নামৰ এগৰাকী মহিলা আলোকচিত্ৰকাৰৰ হাতত পোনপ্ৰথমবাৰৰ বাবে গাঁওখন বিশ্ববাসীৰ দৃষ্টিগোচৰ হয় ৷

কেনিয়াৰ নাইৰোবিৰ পৰা গাড়ীৰে প্ৰায় 6 ঘণ্টা অতিক্ৰম কৰিব লাগে এই গাঁৱলৈ ৷ স্থানীয় চোয়াহিলি ভাষাত উমোজাৰ অৰ্থ হৈছে ঐক্য ৷ বৰ্তমান দেশ-বিদেশৰ ভিন্ন প্ৰান্তত উমোজাৰ নাম বিয়পি পৰিছে ৷ গাঁওখন হৈ পৰিছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

গাঁওখনৰ প্ৰতিগৰাকী মহিলাই আত্মনিৰ্ভৰশীল ৷ ভিন্ন ধৰণৰ কুটীৰ শিল্পৰ সৈতে জড়িত মহিলা সকল ৷ তেওঁলোকে সেইবোৰ নিজৰ ৱেবচাইটযোগে বিক্ৰী কৰে ৷ গাঁওখন পৰিচালনাৰ বাবে আছে নিৰ্দিষ্ট নিয়ম ৷ বৰ্তমান গাঁওখনত 250 গৰাকী মহিলা আৰু শিশুৰ বসতি আছে ৷

কিন্তু এইখিনিতে মনত এটা প্ৰশ্নৰ উদয় হোৱা নাই জানো ? গাঁওখনৰ মহিলা সকলে কেনেদৰে শিশু জন্ম দিলে ? ইয়াৰ নেপথ্যটো এক অদ্ভত নিয়ম ৷ যিহেতু গাঁওখনত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ, সেয়ে মহিলাসকলে ৰাতিৰ অন্ধকাৰত গাঁওখনৰ বাহিৰলৈ গৈ নিজৰ পছন্দৰ পুৰুষৰ সৈতে সংগমত লিপ্ত হয় ৷ তাৰ পাচত শিশুৰ জন্মৰ পৰা লালন-পালনলৈ সকলোবোৰ মহিলা সকলে নিজেই কৰে ৷

লগতে পঢ়ক:জনা-নজনা: বধিৰ লোকেৰে ভৰা এখন গাঁও

ABOUT THE AUTHOR

...view details