অসম

assam

ETV Bharat / bharat

যুদ্ধক্ষেত্ৰত অদৃশ্য শত্ৰু - The Unseen Enemy in the Battlefield

কেন্দ্ৰীয় প্ৰযুক্তি বিভাগে দাবী কৰা অনুসৰি যিকোনো চাইবাৰ ভাবুকিৰ পৰা বিভাগটো নিৰাপদ। কিয়নো তেওঁলোকৰ সকলো চিষ্টেমতে এয়াৰ-গেপৰ সুৰক্ষা আছে বাবে হেক কৰিবলৈ অসম্ভৱ । চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত সেইবোৰ চিষ্টেমক এয়াৰ গেপ বুলি কোৱা হয় যিবোৰত ‘Isolated Control Processing Technology’ থাকে বা ইণ্টাৰনেট বা বাহ্যিক নেটৱৰ্কৰ সৈতে সংযোগ নথকা চিষ্টেমক নিৰাপদ বুলি গণ্য কৰা হয়।

যুদ্ধক্ষেত্ৰত অদৃশ্য শত্ৰু
যুদ্ধক্ষেত্ৰত অদৃশ্য শত্ৰু

By

Published : Dec 7, 2019, 10:51 AM IST

ইণ্টাৰনেট’-এক যুদ্ধক্ষেত্ৰ

পুখৰাজ সিং নামৰ চাইবাৰ বিশেষজ্ঞগৰাকীয়ে টুইট কৰি প্ৰকাশ কৰিছিল যে কুডানকুলাম পাৰমাণৱিক শক্তি ব’ৰ্ডৰ যোগাযোগ ব্যৱস্থাক হেকাৰে আক্ৰমণ কৰিছে । এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে ।

ৰাষ্ট্ৰীয় চাইবাৰ সুৰক্ষাৰ সমন্বয়ক লেফটেনেণ্ট জেনেৰেল ৰাজেশ পাণ্টে কোৱামতে ছেপ্টেম্বৰত চাইবাৰ আক্ৰমণ সংঘটিত হৈছিল । সকলো নিউজ চেনেলতে বাতৰিটো বনজুইৰ দৰে প্ৰচাৰ হোৱাত ২৯ অক্টোবৰত প্ৰাৰমম্ভিকতে কে এন পি বি কৰ্তৃপক্ষই এই খবৰৰ সত্যতা অস্বীকাৰ কৰিছিল। কিন্তু পৰৱৰ্তী ২৪ ঘণ্টাৰ ভিতৰতে একেটা সংস্থাই এই আক্ৰমণ সংঘটিত হোৱা বুলি স্বীকাৰ কৰে । নিউক্লিয়েৰ পাৱাৰ কৰ্পৰেশ্যন অৱ্ ইণ্ডিয়া লিমিটেডে ঘোষণা কৰে যে ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত কে কে এন পি পিৰ প্ৰশাসনিক নেটৱৰ্কত ডিট্ৰেক মালৱেৰৰ উপস্থিতি পোৱা গৈছে । অতি উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰ হেক কৰিবলৈ ডিট্ৰেক নামৰ এই চাইবাৰ অস্ত্ৰবিধ ব্যৱহাৰ কৰা হয় । অৱশ্যে কেন্দ্ৰীয় প্ৰযুক্তি বিভাগে দাবী কৰা অনুসৰি যিকোনো চাইবাৰ ভাবুকিৰ পৰা বিভাগটো নিৰাপদ। কিয়নো তেওঁলোকৰ সকলো চিষ্টেমতে এয়াৰ-গেপৰ সুৰক্ষা আছে বাবে হেক কৰিবলৈ অসম্ভৱ ।চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত সেইবোৰ চিষ্টেমক এয়াৰ গেপ বুলি কোৱা হয় যিবোৰত ‘Isolated Control Processing Technology’ থাকে বা ইণ্টাৰনেট বা বাহ্যিক নেটৱৰ্কৰ সৈতে সংযোগ নথকা চিষ্টেমক নিৰাপদ বুলি গণ্য কৰা হয়। আনহাতে চন্দ্ৰযান-২ উৎক্ষেপণৰ সময়ত ইছৰোৱে ডিট্ৰেক আক্ৰমণৰ সতৰ্কবাণী লাভ কৰিছিল

চন্দ্ৰযান-২ উৎক্ষেপণৰ সময়ত ইছৰোৱে ডিট্ৰেক আক্ৰমণৰ সতৰ্কবাণী লাভ কৰিছিল

এই আক্ৰমণে ভাৰতৰ অতি গুৰুত্বপূৰ্ণ নিৰাপত্তা ব্যৱস্থাত চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত থকা সুৰুঙাক প্ৰতিফলিত কৰে। সাধাৰণতে উত্তৰ কোৰিয়াৰ হেকিং গেঙে ডিট্ৰেক মালৱেৰ ব্যৱহাৰ কৰে। এই চক্ৰটোৱে তথ্য চুৰি কৰে আৰু অধিক চাইবাৰ আক্ৰমণৰ পৰিকল্পনা কৰে। দক্ষিণ কোৰিয়াৰ বিত্তীয়,বেংক সেৱা আৰু প্ৰতিৰক্ষা ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰিবলৈ এই মালৱেৰ হেকাৰবোৰে ব্যৱহাৰ কৰিছিল। ভাৰতৰ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন সচিব এছ এ ভৰদ্বাজে জনোৱা অনুসৰি তেওঁ তেনেধৰণৰ মালৱেৰ ই-মেইল হেকাৰৰ পৰা লাভ কৰিছিল। তেওঁ ভাৰতীয় এটমিক পাৱাৰ কোম্পানীৰো কাৰিকৰী সঞ্চালক আৰু থৰিয়াম ভিত্তিক এ এইচ ডব্লিউ আৰ ৰিয়েক্টৰ বিজ্ঞানী। ইউৰেনিয়াম কেন্দ্ৰিক পাৰমাণৱিক প্ৰযুক্তিৰ পৰা থৰিয়াম কেন্দ্ৰিক পাৰমাণৱিক প্ৰযুক্তিত বৰ্তমান গুৰুত্ব প্ৰদান কৰি অহা হৈছে। গতিকে এতিয়া থৰিয়াম কেন্দ্ৰিক পাৰমাণৱিক প্ৰযুক্তিত শক্তিশালী ভাৰতৰ ওপৰত হেঁচা পৰিছে । আন যিবোৰ দেশৰ বিজ্ঞানীয়ে থৰিয়াম প্ৰযুক্তিৰ ওপৰত গৱেষণা কৰি আছে তেওঁলোকক নিৰীক্ষণ কৰি আছে চীনে। খবৰ অনুসৰি ভাৰতৰ আন এগৰাকী বিশিষ্ট বিজ্ঞানী অনিল কাকোডাৰে একেধৰণৰ মেইল লাভ কৰিছিল ।

ইউৰেনিয়াম কেন্দ্ৰিক পাৰমাণৱিক প্ৰযুক্তিৰ তথ্য চুৰ কৰাৰ চেষ্টা

শংকিত উত্তৰ কোৰিয়াঃ

আধুনিক সময়ত যুদ্ধক্ষেত্ৰৰ পৰিসীমা অধিক প্ৰসাৰিত হৈছে। মাটি,পানী,আকাশত হোৱা যুদ্ধই চাইবাৰ নিৰাপত্তাৰ পৰ্যায় লাভ কৰিছে। চাইবাৰ আক্ৰমণ এনে এক নিৰাপত্তাজনিত সুৰুঙা যাৰ দ্বাৰা ব্যৱস্থাটো স্তব্ধ হৈ পৰে। চাইবাৰ সুৰক্ষা প্ৰতিষ্ঠান চাইমানটেকৰ মতে চাইবাৰ আক্ৰমণৰ সন্মুখীন হ’ব পৰা শীৰ্ষ তিনিখন দেশৰ ভিতৰত আছে ভাৰত। আক্ৰান্ত শীৰ্ষ দেশসমূহৰ ভিতৰত শীৰ্ষত থকা আমেৰিকা আৰু চীন ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত ভাৰততকৈ আগত আছে। এই দেশসমূহে তেওঁলোকৰ প্ৰতিদ্বন্দীসকলক দুৰ্বল কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। আমেৰিকাত ২০১৮ চনত অনুষ্ঠিত ৩৬ খন ৰাজ্যৰ গৱৰ্নৰশ্বিপ নিৰ্বাচনত সতৰ্কতামূলক ব্যৱস্থা হিচাপে আমৰিকাৰ চাইবাৰ কোমাণ্ডে ৰাছিয়াৰ ছেইণ্ট পিটাৰছবাৰ্গৰ ইণ্টাৰনেট ৰিচাৰ্চ এজেন্সীক ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল। এই ঘটনাই ইণ্টাৰনেটৰ পৃথিৱীত আমেৰিকাৰ অবিসম্বাদী আধিপত্যক উন্মোচন কৰে। ২০১৯ চনৰ ২ মে’ত ৰাছিয়াই সাৰ্বভৌম ইণ্টাৰনেট আইন গৃহীত কৰে। ইয়াৰ ফলত দেশখনে নিজৰ ডি এন এছ ছাৰ্ভাৰৰ জৰিয়তে ইণ্টাৰনেট পৰিচালনা কৰাৰ সুযোগ লাভ কৰে। ডি এন এছ ছাৰ্ভাৰ ইণ্টাৰনেটৰ পৰা পৃথক তথা ইন্টাৰনেটৰ লগত সংযুক্ত নহয়। আৰ ইউ নেট নামেৰে ৰাছিয়াই শীঘ্ৰে নিজৰ ইণ্টাৰনেট ব্যৱস্থাৰ পৰীক্ষা কৰিব।

চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত কম্পমান বিশ্ব

ভাবুকিৰ পৰা নিজৰ সুৰক্ষা ব্যৱস্থাক ৰক্ষা কৰিবলৈ ৰাছিয়াৰ দৰে দেশে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ পৰা ভাৰতে শিক্ষা গ্ৰহণ কৰাৰ কোনো লক্ষণ নাই। আমাৰ মূল চিষ্টেমবোৰ এয়াৰ গেপ স্থিতিত আছে বাবে চাইবাৰ আক্ৰমণৰ সম্ভাৱনা নাই বুলি বিষয়াবৰ্গই কৈ আহিছে। ইতিহাসে কয়-কাৰ্য ক্ষেত্ৰত এয়া সঁচা নহয়।

আমেৰিকাই ইৰাণৰ পাৰমাণৱিক আঁচনি বন্ধ কৰে। ‘Stuxnet’নামেৰে এক ডিজিটেল অস্ত্ৰৰ জৰিয়তে ইৰানৰ নানটেজ ইউৰেনিয়াম উদ্যোগৰ সা-সামগ্ৰী যোগান ধৰা চাৰিটা সংগঠনক আমেৰিকাই লক্ষ্য কৰি লৈছিল। এই কোম্পানীকেইটাৰ এগৰাকী কৰ্মচাৰীয়ে নানটেজ পাৰমাণৱিক কেন্দ্ৰত এটা কম্পিউটাৰত তেওঁৰ পেন ড্ৰাইভটো সংযোগ কৰিছিল। তেওঁৰ এই কামৰ বাবে ৯৮৪টা গেছ চেন্ট্ৰেল ফিউজ নষ্ট হৈ যায়। যাৰ ফলত ইৰাণ এতিয়াও পাৰমাণৱিক ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। বিশ্বৰ আগশাৰীৰ এণ্টি ভাইৰাছ কোম্পানী কেস্পাৰস্কাইৰ মতে মূলত মানুহৰ ভুলৰ বাবে ৯০ শতাংশ কৰ্প’ৰেট উদ্যোগ চাইবাৰ আক্ৰমণৰ সন্মুখীন হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক ছাব কনট্ৰেক্টৰসকলক টাৰ্গেট কৰাৰ উদ্দেশ্যে চীনে প্ৰযুক্তিসমূহ চুৰি কৰে। ইয়াৰ মূলতে হ’ল খৰচী চাইবাৰ প্ৰতিৰক্ষা প্ৰস্তুত কৰাৰ বাবে দেশখন সমৰ্থ নহয়। চীনে পূৰ্বতে ভাৰতৰ নিৰাপত্তা পৰিষদৰ চিষ্টেমত চাইবাৰ আক্ৰমণ চলাইছিল। চীনত প্ৰস্তুত হোৱা হাৰ্ডৱেৰসমূহো বিপজ্জনক। ইয়াৰোপৰি আমেৰিকাৰ চি আই এৰ ওপৰত আক্ৰমণ চলাবলৈ চীনে আমেৰিকাৰ ছুপাৰ মাইক্ৰ’ নেটৱৰ্কিং ছাৰ্ভাৰৰ সেৱা ব্যৱহাৰ কৰিছিল । কাৰণ ইয়াৰ ফলত নিৰীক্ষণ কৰি থকা ড্ৰোণেৰে তোলা ফটোৰ মান প্ৰভাৱিত হয়। ছুপাৰ মাইক্ৰ’ ব্যৱহাৰ কৰা কম্পিউটাৰসমূহৰ মূল অংশবোৰ চীনতে নিৰ্মিত। আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ব্লুমবাৰ্গে প্ৰকাশ কৰামতে আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ বাবে বিশেষভাৱ প্ৰস্তুত কৰা ছুপাৰ মাইক্ৰ’ কম্পিউটাৰৰ মূল অংশত এটা ধানৰ সমান বস্তু সংস্থাপন কৰি চীনে চাইবাৰ চুৰি কৰি আহিছে। অৱশ্যে এনেধৰণৰ কোনো ঘটনা ঘটা নাই বুলি আমেৰিকাৰ সূত্ৰৰ পৰা জনাইছে। কিন্তু তাৰ পাছত চীনৰ পৰা হাৰ্ডৱেৰ সামগ্ৰী আমদানি কৰাৰ ক্ষেত্ৰত আমেৰিকাই কঠোৰ আইনৰ ব্যৱস্থা গ্ৰহণ কৰে।

হেকাৰৰ লক্ষ্য হৈছিল ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ

ভাৰতৰ টেলিকমিউনিকেশ্যন উদ্যোগত চীনৰ সামগ্ৰী ব্যৱহাৰ কৰাটো অপৰিহাৰ্য কাৰণ হৈ পৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত বিষয়বোৰ চীনৰ চৰকাৰক কোম্পানীসমূহে অৱগত কৰিব লাগে বুলি আইনী ব্যৱস্থা আছে। ভাৰতত ৫-জি নেটৱৰ্কৰ ঠিকাৰ বাবে চীনা কোম্পানীসূহে খাপ পিটি আছে। এটা কথা পাহৰা উচিত নহ’ব যে ৫-জিয়ে মানৱবিহীন যুদ্ধ সৃষ্টিত উল্লেখনীয় ভূমিকা পালন কৰে। যুদ্ধৰ সময়ত মূল অস্ত্ৰসমূহ জব্দ কৰি যুদ্ধক্ষেত্ৰৰ পৰিক্ৰমাক প্ৰভাৱিত কৰিব যে পাৰে তাত কোনো সন্দেহ নাই ।

প্ৰস্তুতিয়েই ঘাই কথাঃ

আমি জনসাধাৰণৰ লগতে নিৰাপত্তাৰক্ষী,বিশিষ্ট ব্যক্তি,বিজ্ঞানী আদিক চাইবাৰ নিৰাপত্তা সন্দৰ্ভত শিক্ষা প্ৰদান কৰিব লাগিব। বৰ্তমান তথ্য প্ৰযুক্তি আইনৰ জৰিয়তে ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি আৰু চাইবাৰ নিৰাপত্তা নীতিক সমৰ্থন কৰাৰ উদ্দেশ্যে উচিত সিদ্ধান্ত গ্ৰহণ কৰিছো। ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিষ্টেমসমূহ এনেদৰে সক্ষম কৰি তুলিব লাগে যে যিকোনো আক্ৰমণকাৰীয়ে যাতে গম পায় যে ভাৰতত কোনো চাইবাৰ আক্ৰমণ হ’লে প্ৰত্যাক্ৰমণ অনিবাৰ্য। ইয়াৰ বাবে উপযুক্ত নীতি,কৌশল আৰু সামগ্ৰিক ব্যৱস্থা লাগিব।আন্তঃৰাষ্ট্ৰীয় মানৰ লগত ফেৰ মাৰিব পৰাকৈ আমি ঘৰুৱাভাৱে চাইবাৰ সক্ষমতা বৃদ্ধি কৰিব লাগিব। চীনৰ দৰে দেশে হাজাৰ হাজাৰ লোকৰে গঠিত দহটাত কৈ অধিক চাইবাৰ ফৰ্চ নিযুক্ত কৰিছে। শেহতীয়াকৈ স্থাপিত ‘Indian Defence Cyber ​​Agency’ সম্পদৰ লগতে তীক্ষ্ণ হোৱাৰ প্ৰয়োজন আছে।

২০০৭ চনত ইষ্টনিয়াৰ ৫৮ টা গুৰুত্বপূৰ্ণ ৱেবছাইট আক্ৰান্ত হৈছিল ৰাছিয়াৰ চাইবাৰ আক্ৰমণত

বিশ্বাসযোগ্য হাৰ্ডৱেৰ আৰু ছফটৱেৰৰ যোগেদিহে চাইবাৰ নিৰাপত্তা নিশ্চিতকৰণ সম্ভৱ। এয়া হ’বলৈ হ’লে ভাৰত ইলেক্ট্ৰনিক বজাৰৰ মূল কেন্দ্ৰ হৈ থাকিব লাগিব। ইয়াৰ বাবে কিছু অধিক সময় আৰু বিনিয়োগৰ প্ৰয়োজন হ’ব। লগতে ভাৰতে ক্ৰয় কৰা যিকোনো সামগ্ৰীতে চাইবাৰ নিৰাপত্তাৰ ফাঁকসমূহ পৰীক্ষা কৰি চাব লাগে। চৰকাৰে যিমানে পদক্ষেপ গ্ৰহণ নকৰক,ৰাইজ আৰু কৰ্মচাৰীসকলৰ কোনোধৰণৰ বোধগম্যতা আৰু দায়িত্ববোধ নাই। ভাৰতত পাইৰেচী ছফটৱেৰৰ ব্যৱহাৰ উচ্চ হাৰত হয়। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ কৰ্মচাৰীসকলে তেনে ছফটৱেৰ কাৰ্যালয়ৰ লগতে ব্যক্তিগত কামতো যেন ব্যৱহাৰ নকৰে তাৰ বাবে চৰকাৰে প্ৰশিক্ষণ দিয়াটো প্ৰয়োজন। আন মূল মূল বিভাগসমূহেও এই বৰ্ষৰ আগ ভাগত সেনা বাহিনীয়ে কৰাৰ দৰে আভ্যন্তৰীণ পৰীক্ষণ কৰাটো দৰকাৰী যাতে চাইবাৰ সুৰুঙাসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

অতি উচ্চ পৰ্যায়ৰ চাইবাৰ নিৰাপত্তা কৌশল গ্ৰহণ কৰাত শীৰ্ষ স্থানত থকা বাল্টিক দেশ ইষ্টনিয়াৰ পৰা চাইবাৰ নিৰাপত্তাৰ শিক্ষা ল’ব লাগে । ২০০৭ চনত ইষ্টনিয়াৰ ৫৮ টা গুৰুত্বপূৰ্ণ ৱেবছাইটত ৰাছিয়ান ছাইবাৰ আক্ৰমণৰ ফলত দেশখনৰ এ টি এম আৰু সংবাদ মাধ্যমসমূহো অচল হৈ পৰিছিল। এই ঘটনাৰ ফলত চৰকাৰে শিক্ষা লাভ কৰে আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে আগবাঢ়ি আহে। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহে চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত একেলগে কাম কৰিছিল। চৰকাৰেও শক্তিশালী নিৰীক্ষণ ব্যৱস্থা গঢ়ি তুলিছে।এই ব্যৱস্থাই আগতীয়াকৈ চিনাক্ত কৰি চাইবাৰ আক্ৰমণৰ বিৰুদ্ধে কাম কৰে। চাইবাৰ বিশেষজ্ঞসকলক লৈ এক স্বেচ্ছাসেৱী চাইবাৰ প্ৰতিৰক্ষা মণ্ডল চৰকাৰে গঠন কৰিছে। যাৰ ফলত ‘NATO Cooperative Cyber Defence Centre of Excellence’ৰ স্থান হৈ পৰিছে ইষ্টনিয়া। চাইবাৰ সুৰক্ষাৰ ব্যৱস্থাৰ ক্ষেত্ৰত মাত্ৰ ৩০ লাখ জনসংখ্যাৰ দেশ ইষ্টনিয়া আধুনিক ভাৰতবৰ্ষৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হৈছে।

মাটি,পানী,আকাশত হোৱা যুদ্ধই চাইবাৰ নিৰাপত্তাৰ পৰ্যায় লাভ কৰিছে

কৌশলগত আক্ৰমণঃ

সামৰিক ব্যৱস্থাৰ ইণ্টাৰনেট সংযুক্ত উমৈহতীয়া কম্পিউটাৰৰ পৰা সংগৃহীত তথ্যৰ পৰা নিৰাপত্তা বা প্ৰতিৰক্ষাৰ লগত জড়িত লোকসকলক ছ’চিয়েল মিডিয়াত চিনাক্ত কৰা হয়। তেওঁলোকক যিকোনো প্ৰকাৰে দেশখনৰ প্ৰতিৰক্ষাৰ মূল চিষ্টেমসমূহত চাইবাৰ অস্ত্ৰ সুমুৱাই দিবলৈ পতিয়ন নিওৱা হয়। যদি এই কাৰ্যৰ ফলত ফল নধৰে তেতিয়া বেঁতাৰ ব্যৱস্থাৰ দ্বাৰা কম্পিউটাৰবোৰৰ ওপৰত আক্ৰমণ কৰা হয়। একেদৰে এগৰাকী ফৰাচী ছাব-কনট্ৰেক্টৰৰ বাবে ভাৰতীয় ছাবমেৰিন স্কৰপিয়নৰ সকলো তথ্য শত্ৰুৱে লাভ কৰিছিল। অনুৰূপ ধৰণে এজন বায়ুসেনাৰ বিষয়াই ৭০০০ পৃষ্ঠাজোৰা গুৰুত্বপূৰ্ণ তথ্য উলিয়াবৰ বাবে এটা পেন ড্ৰাইভ ব্যৱহাৰ কৰিছিল। এই ঘটনাই প্ৰমাণ কৰে যে আমাৰ নিৰাপত্তাৰ চিষ্টেমবোৰত মালৱেৰ ভৰাই দিয়াটো একো অসম্ভৱ কথা নহয় যদিহে আমি তাৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু নাথাকো।

-পেড্ডিনীতি ফণীকৰণ

ABOUT THE AUTHOR

...view details