অসম

assam

ETV Bharat / bharat

শ্ৰীলংকাৰ বিস্ফোৰণক গৰিহণা ৰাষ্ট্ৰসংঘৰ - কলম্বো বিস্ফোৰণ

21 এপ্ৰিলত শ্ৰীলংকাৰ ৰাজধানী চহৰকে ধৰি 8টাকৈ স্থানত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই ৷ বিস্ফোৰণৰ ঘটনাক বিশ্বশান্তিৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰি এনে ঘটনাৰ প্ৰতি বিশ্ববাসীক কঠোৰ হ'বলৈ কয় ৰাষ্ট্ৰসংঘই ৷

UN condemns Sri Lanka Bombings

By

Published : Apr 22, 2019, 7:33 PM IST

নিউজ ডেস্ক, 22 এপ্ৰিলঃ শ্ৰীলংকাত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাক গৰিহণা দিছে ৰাষ্ট্ৰসংঘই ৷ ৰাষ্ট্ৰসংঘই এক বিভাগীয় অধিসূচনা জাৰী কৰি বিস্ফোৰণ সন্দৰ্ভত দেশখনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি সন্ত্ৰাসবাদক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰে ৷

শ্ৰীলংকাৰ আঠটাকৈ স্থানত সংঘটিত বিস্ফোৰণৰ ঘটনাত বিশ্বৰ বিভিন্ন স্থানৰ 30গৰাকী লোককে ধৰি সৰ্বমুঠ 207 গৰাকী লোক নিহত হোৱাৰ বিপৰীতে 400ৰো অধিক লোক আহত হয় ৷ বিস্ফোৰণৰ ঘটনাক বিশ্বশান্তিৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰি এনে ঘটনাৰ প্ৰতি বিশ্ববাসীক কঠোৰ হ'বলৈ কয় ৰাষ্ট্ৰসংঘই ৷ বিস্ফোৰণ নিহত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আহতসকলৰ স্বাস্থ্যৰ উন্নতি কামনা কৰাৰ লগতে শ্ৰীলংকাৰ এই বিপদৰ সময়ত বিশ্ববাসীক এক হৈ থাকিবলৈ অনুৰোধ জনায় ৰাষ্ট্ৰসংঘই ৷ বিস্ফোৰণৰ পৰৱৰ্তী সময়তে ৰাষ্ট্ৰসংঘই নিৰ্দেশনাযোগে আইনৰ গণ্ডীত মানৱ অধিকাৰৰ ৰক্ষাৰে নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰিবলৈ দেশখনলৈ সমবেদনা জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details